Crime:✒️গুজৰাটৰ ছুৰাটত এগৰাকী মহিলাক হত্যা কৰি তেওঁৰ মৃতদেহ এটা পৰিত্যক্ত ঘৰৰ কাঠৰ বাক্সত ভৰাই চিমেণ্টে ঢাকি ৰখাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে।
চাৰি দিন ধৰি নিখোঁজ থকাৰ পাছত উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ দেহ। দম্পতীৰ সন্তানৰ পৰা লাভ কৰা এখন নোট আধাৰতেই এই হত্যাকাণ্ডৰ সূত্ৰ লাভ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ তথ্য অনুসৰি, নিহত মহিলাগৰাকীৰ নাম শিল্পা সালভি। তেওঁক হত্যা কৰাৰ অভিযোগ উঠিছে স্বামী বিশাল সালভিৰ বিৰুদ্ধে। যোৱা চাৰি দিন ধৰি নিখোঁজ আছিল শিল্পা।
নিজেই শিল্পাৰ নিখোঁজ ডায়েৰী থানাত দাখিল কৰিছিল বিশালে। সেই অভিযোগৰ ভিত্তিতেই তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। কিন্তু ঘৰখনৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা এটা নোটে চলাই দিলে তদন্তৰ দিশ।
তদন্তকাৰী এজন বিষয়াই জনোৱা মতে, দম্পতীৰ নাবালক পুত্ৰই আৰক্ষীক এখন হাতে লিখা নোট দিয়ে, য’ত একপ্ৰকাৰ স্বীকাৰোক্তিমূলক কথা লিখা আছিল।
“শিল্পা বাচি থকা নাই” — এই ধৰণৰ কেবাটাও বাক্য আছিল নোটটোত। আৰক্ষীৰ সন্দেহ হয় যে এই লিখনী বিশালৰেই। এই সূত্ৰ ধৰি আৰক্ষীয়ে এটা পৰিত্যক্ত ঘৰ চিনাক্ত কৰে।
পাছত সেই ঘৰখনৰ এটা কোঠাৰ ভিতৰৰ পৰা কাঠৰ বাক্সত শিল্পাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দেহটো পচি গোন্ধ ওলাই নাহিবলৈ চিমেণ্টে ঢাকি ৰখা হৈছিল।
কিয় এই হত্যাকাণ্ড সংঘটিত হ’ল, তাৰ তদন্ত চলি থকা বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়ে। অভিযুক্ত বিশালৰ সন্ধানত আৰক্ষীয়ে ব্যাপক তল্লাশি অভিযান অব্যাহত ৰাখিছে।






























