COVID-19 : ক’ভিড আপডেট

Covid kerala 3

বিগত চাৰি দিন ধৰি দেশত দৈনিক ক’ভিড সংক্রমণৰ লেখচিত্র নিম্নমুখী হ’লেও বিগত ২৪ ঘণ্টাত বাঢ়ি ১৬ হেজাৰ অতিক্ৰম কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌য়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়িল ১৬,০৪৭ ।

মঙলবাৰে এই সংখ্যা আছিল ১২,৭৫১ । ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ শীর্ষত দিল্লী । বিগত ২৪ ঘণ্টাত দিল্লীত দৈনিক আক্রান্তৰ সংখ্যা দুহেজাৰৰ সীমাৰেখা অতিক্ৰম কৰিছে । জানুৱাৰীৰ পাছত ৰাজধানীত পুনৰ কৰ’নাৰ উদ্বেগ বাঢ়িছে ।

বিগত ২৪ ঘণ্টাত দিল্লীত দৈনিক আক্রান্তৰ সংখ্যা ২,৪৯৫ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (১,৭৮২), কর্নাটক (১,৬০৮), উত্তৰ প্রদেশ (৯৪২) ও তামিলনাডু (৯৪১) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৫৪ জনৰ । ইয়াৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী আৰু পঞ্জাৱত বিগত ২৪ ঘণ্টাত সাতজন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

ইয়াৰ উপৰি কেৰালাত ছয়জন, পশ্চিমবংগত পাঁচজন, মিজোৰাম আৰু হিমাচল প্রদেশত তিনিজন, কর্নাটক, ওড়িছা, ছত্তীছগঢ়, উত্তৰ প্রদেশ, উত্তৰাখণ্ড আৰু ছিকিমত দুজন আৰু হাৰিয়ানা, ঝাড়খণ্ড, নগালেণ্ড আৰু গুজৰাটত এজনকৈ ব্যক্তিৰ মৃত্যু হৈছে । মঙলবাৰে এই সংখ্যা আছিল ৪২ ।

Exit mobile version