আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চিথিলাত ছাত্ৰ-ছাত্ৰীৰ প্ৰভাত ফেৰি

Screenshot 402

কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অধীনত বিভিন্ন বিদ্যালয়ৰ লগতে চিথিলা এমভি স্কুলৰ উপৰিও অঞ্চলখনৰ কে’বাখনো বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে জাতীয় পতাকা লৈ প্ৰভাত ফেৰি অনুষ্ঠান অনুষ্ঠিত কৰে ।

আজিৰ অনুষ্ঠানৰ চিথিলা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সুশান্ত ৰায় আৰু চিথিলা এমভি স্কুলৰ প্ৰধান শিক্ষক মজিবৰ ৰহমানৰ তত্বাৱধানত এই অনুষ্ঠান অনুষ্ঠিত । দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শিক্ষক-শিক্ষয়ত্ৰী ছাত্ৰ-ছাত্ৰীয়ে সমদল কাৰ্যসূচী ৰূপায়ন কৰে ।

পুৱাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে-হাতে ত্ৰিৰংগা পতাকা লৈ সমদলত অংশগ্ৰহণ কৰে । চিথিলা এমভি স্কুল চৌহদৰ পৰা আৰম্ভ কৰা সমদল কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে বন্দে মাতৰম, ভাৰতমাতা কি জয়, হৰ ঘৰ ত্ৰিৰংগা লগাও আদি শ্ল’গান দিয়ে । এই সমদল চিথিলা অঞ্চলৰ কে’বাখনো গাঁও পৰিভ্ৰমণ কৰে ।

ইয়াৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগীতা, নৃত্য-গীতৰ প্ৰতিযোগীতাও অনুষ্ঠিত কৰে ।

Exit mobile version