মহানগৰৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত সফল মঞ্চায়ন ‘জোঙালবলহু’

IMG 20220811 214656

মহানগৰত কৰ্মৰত হৈ থকা এচাম নাট্যপ্ৰেমী সাংবাদিকৰ সু-প্ৰচেষ্টাত তথা গুৱাহাটী প্ৰেছ ক্লাৱ আৰু জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ গুৱাহাটী মহানগৰ কমিটিৰ সহযোগত কলং নাট্য গোষ্ঠীয়ে বুধবাৰে পান্জাবাৰীৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত সন্ধিয়া সাত বজাত মঞ্চস্হ কৰে অসম বুৰঞ্জী প্ৰসিদ্ধ ‘জোঙালবলহু’ নাটখনি ৷

উদীয়মান নাট্যকাৰ মুনমী বৰদলৈ ৰছিত আৰু অসীম কুমাৰ নাথৰ পৰিচালনা আৰু সাংবাদিক-নাট্যকৰ্মী কনক শইকীয়া সামগ্ৰিক পৰিকল্পনাত মঞ্চ সফল নাট খনি শুভ উদ্বোধন কৰে জনপ্ৰিয় সংগীত শিল্পী তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে৷অনুষ্ঠানত তিৱা সাহিত্য সভাৰ সভাপতি -সম্পাদক,তিৱা জনগোষ্ঠীয় গৱেষক-সাহিত্যিক ড:বিদ্যুৎ বিকাশ সেনাপতি,জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ কাৰ্য্যকৰী সভানেত্ৰী চেমিম চুলতানা আহমেদ, জুৱাৰ মহানগৰ কমিটিৰ সভাপতি পলাশ ৰন্জন দাস,গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক সন্জয় ৰায় উপস্থিত থাকে৷

 

‘জোঙালবলহু’ৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰে অমৰেন্দ্ৰ ডেকা, নাৰায়ণ শইকীয়া,আইচেংফা কোঁৱৰ,মানসজ্যোতি বৰুৱা, ৰিতুমণি বৰা,সৌমিত মজুমদাৰ,ত্ৰিদিপ লহকৰ,হিমাংশু দেউৰী,যুক্তা বৰা,দেৱপ্ৰতিম বৰা,ভোকেশ ৰাভা অংকিত ভূঞা,পল্লৱ দ্বীজেন,অভিলাশ বৰবৰা,পংকজ মেধি,ওখৰাং বসুমতাৰী,শৰৎ শৰ্মা,মীনাক্ষী ফুকন,দীপ হাজৰিকা সোনোৱাল,এন্জেলা চাংমাই আৰু শিশুশিল্পী অনুলদ্যুতি৷তিৱা স্বায়ত্ত্বশাসিত পৰিষদে ব্যৱস্থাপনা কৰা ‘জোঙালবলহু’ৰ নেপথ্য সংগীত পৰিচালক ড:বিদ্যুৎ বিকাশ সেনাপতি,সংগীত সহযোগী প্ৰভাত বণিয়া, ৰহিন বাংঠাই,তপন বৰদলৈ,হৰিচৰণ পাটৰ,বুদ্ধেশ্বৰ বড়ো,দুলেন চন্দ্ৰ দেউৰী,জনাৰ্দন পাটৰ,ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগী,পোহৰ তপন বৰুৱা,সাজসজ্জা লালসিং মাডাৰ,মঞ্চসজ্জা পংকজ বৰা৷

উল্লেখ্য যে অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় হ’ল তিৱা বীৰ জোঙালবলহু ৰজা৷নগাঁও জিলাৰ ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সুপৰিকল্পিতভাৱে নিৰ্মিত জোঙালবলহু গড়ে বিচক্ষণ প্ৰজাহিতকৰ ৰজাজনৰ স্মৃতি বহন কৰি ৰাখিছে। ৷ জোঙালবলহুৰ বিষয়ে কাষৰীয়া অঞ্চলৰ লোকসকলৰ মাজত প্ৰচলিত অনেক কথা- কাহিনীক সংগ্ৰহ কৰি ৰুদ্ৰ ডেকাই ৰছনা কৰা জোঙালবলহু গীতৰ কথাই নাটক খনৰ মুল কথা৷প্ৰাচী বিনিময় প্ৰথাৰ ঐতিহ্য বহন কৰি অহা তিৱা জনগোষ্ঠীৰ গোভা ৰজাৰ দিনৰ পৰা প্ৰচলিত জোনবিল মেলাৰ লগতে বহুকেইটা উৎসৱ তথা কৃষ্টি- সংস্কৃতিকো নাটখনিত উপস্থাপন কৰা হৈছে ৷

নাটখনিত বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰা নাট্যকৰ্মী সকল গুৱাহাটী মহানগৰত কৰ্মৰত হৈ থকা সাংবাদিক৷ প্ৰতিগৰাকীয়ে নিজ নিজ চৰিত্ৰসমুহ সুন্দৰভাৱে অভিনয় কৰি নাট্যপ্ৰমী দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

Exit mobile version