মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ১৫০ খন লাইফ চাপ’ৰ্ট এম্বুলেঞ্চ সেৱা

এতিয়াৰ পৰা ফোন কৰিলেই লাভ কৰিব ১০৮ সেৱা

ৰাজ্য চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ পুনৰ আগবঢ়াই নতুকৈ ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত ফ্লেগ অফ কৰি আনুষ্ঠানিক ভাবে উন্মোচন কৰে ৮৩ খন বি এল এচ এম্বুলেঞ্চ আৰু ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ সেৱা ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী ভাষণত কয় যে,বিগত ২০০৮ চনৰ পৰা এই ১০৮ সেৱা আৰম্ভ হৈছিল আৰু বতৰ্মান এই সেৱা ৰাজ্যত অব্যাহত আছে ৷ সম্প্ৰতি ৰাজ্যৰ স্বাস্ব্য খণ্ডত প্ৰায় ৮০০ খন ১০৮ এম্বুলেঞ্চে ১৯ লাখ গৰ্ভৱতী মহিলাক সুবিধা প্ৰদান কৰি আহিছে৷স্বাস্থ্য খণ্ডত যি সমুহ বেচৰকাৰী সন্হাই কাম কৰি আছে তেওঁলোককো ব্যৱহাৰ হৈ নথকা এম্বুলেঞ্চে সমুহ দিবলৈ আহ্বান জনাই স্বাস্থ্য বিভাগক৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী মেডিকেল কলেজক ইতিমধ্যে মেডিকেল কাউন্সিলে স্বীকৃতি দিছে ইয়াৰ লগে লগে এতিয়া ৰাজ্যত স্বীকৃতিপ্ৰাপ্ত মুঠ মেডিকেল কলেজৰ সংখ্যা হ’লগৈ ন খন হ’ল বুলিও ভাষণত উল্লেখ কৰে ৷

আনহাতে, গুৱাহাটী নতুন এখন মেডিকেল কলেজ স্হাপন কৰা হ’ব ৷ তদুপৰি আয়ুস্মান ভাৰতৰ দৰে আয়ুস্মান অসম নামৰ এক নতুন আঁচনি এখন আৰম্ভ কৰাৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উপলক্ষে আয়োজিত অনুষ্ঠানটোত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সহ উচ্চ পদস্থ বিষয়া-বৰ্গ উপস্থিত থাকে ।

Exit mobile version