শ্ৰেণীকোঠাত অশ্লীল আচৰণ; নিলম্বিত ৰামানুজ মহাবিদ্যালয়ৰ সাত শিক্ষাৰ্থী

WhatsApp Image 2022 08 11 at 5.24.51 PM

বৰাক উপত্যকাৰ অন্যতম প্রতিষ্ঠিত শিক্ষা প্রতিষ্ঠান ৰামানুজ গুপ্ত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ভাল কামৰ বাবে শিৰোনামত থাকে । অৱশ্যে মঙলবাৰৰ পৰা কিছুমান ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে যাৰ ফলত প্রতিষ্ঠানটো চৰ্চিত হৈছে সকলোৰে মুখে-মুখে । দুটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে । ভাইৰেল ভিডিঅ’ত দেখা গৈছে, কিছুসংখ্যক ছাত্র-ছাত্রীয়ে শ্ৰেণীকোঠাৰ ভিতৰতে অশ্লীল কার্যকলাপত লিপ্ত হৈছে । তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । সম্প্ৰতি সাতজন শিক্ষাৰ্থীক নিলম্বন কৰা হৈছে ।

অৱশ্যে যিহেতু শিক্ষাৰ্থীসকল প্রাপ্তবয়স্ক নহয় আৰু কোনো কঠোৰ সিদ্ধান্ত‌ই যাতে তেওঁলোকৰ ভবিষ্যতত প্রভাৱ নেপেলাই, তাৰ বাবে অতি সতৰ্কতাৰে বিষয়টো পৰ্যবেক্ষণ কৰা হৈছে বুলি জনাইছে শিক্ষা প্রতিষ্ঠানৰ অধ্যক্ষ পূর্ণদ্বীপ চন্দ‌ই । তেওঁ কয়, “বিষয়টো আমাৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই আমি প্রথমে ছাত্র-ছাত্রীসকলৰ পিতৃ-মাতৃসকলৰ স’তে যোগাযোগ কৰিছো আৰু তেওঁলোকক মাতি অনা হৈছে ।”

মঙলবাৰে এটাৰ পাছত এটাকৈ দুটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হয় । তাত কেইজনমান ছাত্র-ছাত্রীয়ে কিছু অদ্ভুত কাম কৰিছে আৰু পাছফালৰ পৰা কিছু মন্তব্য শুনিবলৈ পোৱা গৈছে । সামাজিক মাধ্যমত প্রায় প্রত্যেকেই এইবোৰ দেখি বিচাৰ কৰিছে ছাত্র-ছাত্রীসকল অশ্লীল কাৰ্যত লিপ্ত । এই প্রসংগত সামাজিক মাধ্যমত বহু তর্ক-বিতৰ্ক হৈছে আৰু ৰামানুজ গুপ্ত কলেজৰ কিছু ছাত্র-ছাত্রী গুৰুচৰণ কলেজৰ বিৰুদ্ধে কিছু অশালীন মন্তব্য কৰিছে বুলি অভিযোগ উঠিছে ।

বুধবাৰে গুৰুচৰণ কলেজৰ ছাত্র-ছাত্রীসকলে ৰামানুজ গুপ্ত কলেজৰ অধ্যক্ষলৈ এখন পত্ৰ লিখিছে । এই বিষয়ত পূর্ণদ্বীপ চন্দ‌ই কয়, “আমি পত্ৰ পাইছো আৰু অভিযোগটোও শুনিছো, অৱশ্যে বিষয়টো পৰ্যবেক্ষণ কৰি তাৰ পাছতেই কোনো মন্তব্য কৰিব পৰা যাব । ছাত্র-ছাত্রীসকলৰ বিৰুদ্ধে তৎক্ষণাৎ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নিবিচাৰো আমি, কাৰণ ইয়াৰ ফলত তেওঁলোকৰ শৈক্ষিক আৰু মানসিক বৃদ্ধিৰ ওপৰত প্রভাৱ পৰিব পাৰে ।’

নিলম্বিত শিক্ষাৰ্থী কেইজন হৈছে ১. বিপ্রজিত সোম, ২. ধীৰাজ শ্রীবাস্তৱ, ৩. সুনন্দা ইয়াদাভ, ৪. পিয়ালী ভট্টাচার্জী, ৫. অংকিতা রয়, ৬. শতাব্দি পাল, ৭. কাউছাৰ তাহিৰ বাৰলাস্কাৰ । মহাবিদ্যালয় কর্তৃপক্ষৰ তৰফৰ পৰা তেওঁলোকক নিলম্বন কৰা হৈছে ।

Exit mobile version