শিক্ষক বৃত্তিক কলংক সানিলে এজন শিক্ষকে,মহিলাক ধৰ্ষণ কৰিবলৈ আৰক্ষীৰ জালত

WhatsApp Image 2022 08 13 at 4.19.45 PM 1

শিক্ষক বৃত্তিক কলংক সানিলে এজন শিক্ষকে,মহিলাক ধৰ্ষণ কৰিবলৈ আৰক্ষীৰ জালত

শিক্ষক বৃত্তিক পুনৰ কালিমা সানিলে এজন শিক্ষকে ৷ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হয় লম্পট শিক্ষক৷ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ সমীপৰ ভেবেলি গাঁৱত সংঘটিত হয় গই লজ্জাজনক ঘটনা৷
চিচিৰবৰ গাঁৱৰ ভেবেলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ শইকীয়াই যোৱা নিশা নিজ বাসগৃহৰ সমীপতে থকা এগৰাকী বয়োজ্যেষ্ঠ মহিলাক এন্ধাৰৰ সুযোগ বুজি উপযুপৰি ধৰ্ষণ কৰে।
পিচত ধৰ্ষিতা মহিলা গৰাকীৰ বোৱাৰীকে ঘটনাটো দেখি হুলস্থূল লগায়৷ চুবুৰীয়াই হুলস্থূল শুনি ঘটনাস্থলীলৈ আহি হাতেলোটে কৰায়ত্ব কৰে লম্পট প্ৰধান শিক্ষক জনক ৷ ৰাইজে লম্পট শিক্ষক জনক উত্তম-মাধ্যম দি গতাই দিয়ে আৰক্ষীক৷

চিলাপথাৰ আৰক্ষীয়ে আই পি চি ৪৪৮/ ৩৭৬ ধাৰাত ১৪৬/২০২২ নম্বৰৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি ধৃত শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Exit mobile version