পুনৰ ঘোচ লৈ আটক শিক্ষা বিষয়া চাৰি হাজাৰ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই কৰিলে আটক

WhatsApp Image 2022 08 17 at 6.20.02 PM

ৰাজ্যত যেন এতিয়া চলিছে ঘোচ লোৱাৰ প্ৰতিযোগিতা ৷ ইজনৰ পিছত সিজনকৈ বিষয়া- কৰ্মচাৰী ঘোচ লৈ আটক হোৱাৰ পিচতো যেন শিকনি হোৱা নাই বিষয়া-কৰ্মচাৰীৰ ৷ ধনৰ লোভ যেন কমা নাই এই সকলৰ ৷ শেহতীয়াকৈ আজি কামৰূপ গ্ৰাম্য জিলাৰ ৰাণী খণ্ড প্ৰাথমিক বিষয়া লাচিত বসুমতাৰীক ঘোচ লওঁতেই হাতেলোটে কৰায়ত্ব কৰে দুৰ্নীতি নিবাৰক  শাখাই ৷

উৎকোচ হিচাপে লৈছিল চাৰি হাজাৰ টকা ৷ পিছত বিষয়াজনৰ বলেৰ’গাড়ীৰ পৰা উদ্ধাৰ কৰে একলাখ টকা ৷ এল পি চি আৰু ছাৰ্ভিচ বুক নিৰীক্ষণৰ নামত ধনদাবী কৰিছিল লাচিত বসুমতাৰীয়ে । দুৰ্নীতি নিবাৰক শাখাই বিষয়াগৰাকীৰ বাসগৃহতো তালাচী অব্যাহত ৰাখিছে ৷  উদ্থাপিত অভিযোগ অনুসৰি বিষয়াজনে চৰকাৰী কাম কৰাৰ বাবদ ঘোচ বিচাৰিছিল৷ চলিত মাহটোত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা লাচিত বসুমতাৰী হৈছে একাদশ বিষয়া ৷

Exit mobile version