নিউজিলেণ্ডৰ নিলামত চাঞ্চল্যকৰ ঘটনা

নিলামত ক্ৰয় কৰা বাকচত উদ্ধাৰ দুটি শিশুৰ কংকাল

istock 840767078

নিলামৰ বাবে অনা হৈছিল বাকচ ৷ বাকচ ক্ৰয় কৰা ক্ৰেতাই বাকচ খুলি অবাক ৷ কিয়নো বাকচৰ ভিতৰত আছিল দুটি শিশুৰ কংকাল । পিছত নিলামথলীত উপস্থিত হয় আৰক্ষী ৷ বৃহস্পতিবাৰে নিউজিলেণ্ড অকলেণ্ডত আটকধুনীয়া বাকচৰ নিলাম হৈছিল ৷

নিলামত অংশগ্ৰহণ লৈছিল বহু লোকে ৷ নিলামত ক্ৰয় কৰা দুটা চুটকেচলৈ ক্ৰেটা উপস্থিত হয় নিজ গৃহত ৷ কিন্তু ছুটকেচটো খোলোতেই প্ৰত্যক্ষ কৰে তাত আছে দুটি শিশুৰ অৱশেষ ৷ পাছত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত৷আৰক্ষীয়ে সদৰি কৰা মতে পাঁচৰ পৰা ১০ বছৰ বয়সৰ শিশুৰ মৃতদেহ দুটা বহু বছৰ ধৰি বাকচটোত আছিল ৷

অকলেণ্ড আৰক্ষীয়ে তদন্তৰ খাতিৰত বাকচ ক্ৰয় কৰা ক্ৰেতাজনৰ নাম সদৰি কৰাৰ পৰা বিৰত আছে  ৷ মৃতদেহ দুটিৰ ডি এন এ পৰীক্ষাৰ বাবে ফৰেনছিক লেবটৰীলৈ প্ৰেৰণ কৰিছে ৷ পৰীক্ষাৰ ফলাফল অহাৰ পিচতে আৰক্ষী নিশ্চিত হ’ব প্ৰকৃত ঘটনাৰ সবিশেষ ৷

Exit mobile version