আৰক্ষীয়ে দাবী কৰিছিল ধন, দিব নোৱাৰি আত্মহত্যা সদ্য বিবাহিত যুৱকৰ

WhatsApp Image 2022 08 19 at 6.23.51 PM

একাংশ ধনলোভী আৰক্ষীৰ কৰ্মকাণ্ডৰ বাবে সময়ে সময়ে অসম আৰক্ষীৰ খাকী পোচাকত লাগিছে দাগ ৷ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে সংঘটিত হৈছে এক ঘটনা ৷ আৰক্ষীয়ে দাবী কৰা মতে ধন দিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয় এজন সদ্য বিবাহিত যুৱকে ৷ আমিনগাঁও থানাৰ ৰহমান উপাধীৰ আৰক্ষী বিষয়াজন বিৰুদ্ধে উদ্থাপিত হৈছে এই গুৰুত্বৰ অভিযোগ।

পৰিয়ালৰ লোকে দিয়া অভিযোগ অনুসৰি ভূৱনেশ্বৰ পাল আৰু পত্নীৰ মাজত হোৱা পাৰিবাৰিক সংঘাতৰ বাবে পত্নীয়ে স্বামীৰ বিৰুদ্ধে গোচৰ তৰিছিল আমিনগাঁও আৰক্ষী চকীত ৷ গোচৰৰ পৰৱৰ্তী সময়ত স্বামী-স্ত্ৰীৰ পাৰিবাৰিক সংঘাত মীমাংসাৰ বাবে ৰহমান উপাধীৰ আৰক্ষী বিষয়াজনে দাবী কৰিছিল ৪০ হাজাৰ টকা। কিন্ত এই পৰিমাণৰ ধন দিবৰ বাবে সক্ষম নাছিল পাল ৷

গোচৰৰ জটিলতাৰ আশংকা কৰি হতাশগ্ৰস্ত হৈ আত্মহত্যাৰ দৰে চৰমপন্থা বাচি লয় বুলি অভিযোগ কৰে যুবকজনৰ পৰিয়ালৰ লোকে৷ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ অহা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা গৃহ সমষ্টিৰ আৰক্ষীৰ এই কৰ্মকাণ্ডই সচেতন মহলক ক্ষোভিত কৰি তুলিছে ৷ সমস্ত ঘটনাটোৰ সৈতে সাঙোৰ খাই পৰা আৰক্ষীজনৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Exit mobile version