নিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভস্মীভূত কে’বাখনো দোকান

Screenshot 407

দৰং জিলাৰ দলগাঁওৰ বেছামাৰিত আজি পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড৷ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় নখনকৈ ব্যৱসায় প্ৰতিষ্ঠান ৷ ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰায় ৫০ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে ৷

জুই লগাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও জুইৰ লেলিহান শিখাই ইতিমধ্যেই এফালৰ পৰা আৱৰি ধৰি দুখন হোটেল সহ ৯ খন দোকান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ৷

Exit mobile version