আজিৰে পৰা আৰম্ভ হোৱা তৃতীয়- চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অথন্তৰ; কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আটক

school exam student taking educational 260nw 1313890370

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তি পৰীক্ষাৰ প্ৰথমদিনাই অথন্তৰ ঘটিল । চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাত লগোৱা খেলিমেলিৰ বাবে কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সিদ্ধাৰ্থ শংকৰ নাথক আৰক্ষীয়ে আটক কৰিছে ।

তথ্য অনুসৰি কাছাৰ জিলাৰ উপায়ুক্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অধ্যক্ষগৰাকীক আটক কৰে ।

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পৰীক্ষা সুকলমে সম্পন্ন হ’বলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছিল । আনকি পৰীক্ষা অনুষ্ঠিত হোৱা নিৰ্ধাৰিত সময়ত সমগ্র ৰাজ্যত নেট সেৱা বন্ধ ৰখাৰো ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও অধ্যক্ষগৰাকীয়ে চৰকাৰী নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে ।

যাৰ ভিত্তিত কাছাৰ মহাবিদ্যালয়ত স্থাপন কৰা কেন্দ্ৰত জিলা উপায়ুক্ত ৰোহন ঝায়ে কেতবোৰ বিসংগতি ধৰা পেলায় । ইয়াৰ পাছতে উপায়ুক্তগৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° নাথক এই সন্দৰ্ভত অবগত কৰে আৰু পৰীক্ষা কেন্দ্ৰত হোৱা চৰম বিসংগতিৰ পৰ্যবেক্ষণ কৰি ততাতৈয়াকৈ অধ্যক্ষজনৰ ওপৰত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিতেই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক আৰক্ষীয়ে আটক কৰে ।

Exit mobile version