প্ৰবীণ ৰাজনীতিক পৰমানন্দ দলেৰ দেহাৱসান

WhatsApp Image 2022 08 21 at 9.06.42 PM

ঢকুৱাখনা ৰাজনৈতিক, সামাজিক ক্ষেত্ৰখনৰ এক প্ৰসিদ্ধ ব্যক্তিত্ব, ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ পৰমানন্দ দলেৰ আজি বিয়োগ ঘটে । বহুদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল প্ৰবীণ ৰাজনীতিকজন । শনিবাৰে তেওঁ শ্বাস-প্ৰশ্বাসত অসুবিধা অনুভৱ কৰাত তেওঁক হেঙেৰাবাৰীস্থিত নিজা বাসভৱনৰ পৰা দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰা হৈছিল ।

নিশা আই চি ইউত চিকিৎসাধীন হৈ থকাৰ সময়তে দেওবাৰে পুৱা স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু চিকিৎসাধীন অৱস্থাতে দেওবাৰে দুপৰীয়া প্ৰায় এক বাজি ৩৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ৰিজনীতিক দলেই ।

Exit mobile version