উপায়ুক্তৰ নাম লৈ ধন দাবী অনলাইন প্ৰৱঞ্চকৰ !

WhatsApp Image 2022 08 23 at 3.13.01 PM

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নাম লৈ অধ্যাপকৰ পৰা লাখ লাখ টকা লুট কৰা খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে পুনৰ এইবাৰ অনলাইন প্ৰৱঞ্চকৰ জালত পৰিল ধুবুৰী জিলাৰ উপায়ুক্ত ।

অনলাইন প্ৰৱঞ্চকৰ এটা দলে ধুবুৰী জিলাৰ উপায়ুক্ত অম্বামুথন এম পিৰ নামত আমাজন গিফট কাৰ্ড ক্ৰয় কৰি দিয়াৰ কথা কৈ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে কেইবাজনো অতিৰিক্ত উপায়ুক্তলৈ মেচেজ প্ৰেৰণ কৰিছে ।
জানিব পৰা মতে প্ৰতিটো গিফট কাৰ্ডৰ মূল্য ১০ হাজাৰ টকা হোৱাৰ লগতে প্ৰতিজন কৰ্মচাৰী তথা অতিৰিক্ত উপায়ুক্তক ১১ টাকৈ গিফট কাৰ্ড কিনি দিব বুলি মেচেজ প্ৰেৰণ কৰিছে এই দুষ্ট চক্ৰই ।
জিলা উপায়ুক্ত গৰাকীয়ে এই সম্পৰ্কে খবৰ লাভ কৰাৰ লগে লগেই সকলোকে সতৰ্ক হোৱাৰ আহ্বান জনোৱাৰ লগতে এইয়া এক অনলাইন প্ৰৱঞ্চকৰ ধন ঘটাৰ কৌশল বুলি স্পষ্ট কৰি দিয়ে ।

Exit mobile version