চীন সাগৰত ৰঙা চীনৰ সমৰসজ্জা,টাইৱানৰ সীমান্তত অৱস্থান চীনৰ যুদ্ধ জাহাজ- বিমান

WhatsApp Image 2022 08 23 at 4.04.59 PM

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নেন্সি পেলোছিৰ টাইৱান ভ্ৰমণৰ পিছতে ক্ৰমাৎ অধিক অৱনতি ঘটিছে চীন আৰু টাইৱানৰ সম্পৰ্কত৷ চেপা উত্তেজনা বিৰাজ কৰিছে টাইৱান সীমান্তত৷ এনে ঘটনাক্ৰমৰ মাজতে দেওবাৰে চীনৰ ১২ খন বিমান আৰু ৫ খন জাহাজে টাইৱানৰ জলসীমা অতিক্ৰম কৰি সীমান্তত পাতিছে বাহৰ ৷একেদৰে চীনী সেনা পি এল এৰ জোৱানে টাইৱানৰ চাৰিওফালে অৱস্থান কৰিছে ৷ এই দাবী টাইৱানৰ বৈদেশিক মন্ত্ৰণালয়ৰ৷ উল্লেখ্য যে চীনে টাইৱানক নিজৰ ভূখণ্ডৰ অংশ বুলি দাৱী কৰি টাইৱানৰ সীমাৰেখাক অগ্ৰাহ্যকৰি আহিছে ৷
আনহাতে দেওবাৰে পুনৰ যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ দল এটাই টাইৱান ভ্ৰমণ কৰিছিল ৷ চলিত মাহত আমেৰিকান সংসদৰ সদস্য আৰু কংগ্ৰেছৰ দলে ভাগেভাগে টাইৱান ভ্ৰমণ কৰা বিষয়টোক লৈ খড়গগ্ৰস্ত হৈ পৰে বেইজিং ৷ টাইৱানক এশিকনি দিৱৰ বাবে কালিৰে পৰা চীনৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডোৱে ৩০ খন যুদ্ধবিমান আৰু পাঁচখন যুদ্ধজাহাজ লৈ টাইৱান জলসীমাত মোতায়েন কৰি ব্যাপক অনুশীলন অব্যাহত ৰাখিছে ৷
চীনৰ এই যুদ্ধবাজ স্থিতিক সহজভাৱে লোৱা নাই টাইৱান চৰকাৰ৷ চীনৰ আগ্ৰাসনক প্ৰতিহত কৰিবৰ বাবে চৰকাৰে সষ্টম কৰিছে স্থল সেনা ,বায়ুসেনা আৰু যুদ্ধজাহাজ ৷চীন সাগৰত চীনৰ ৰণচালিৰ ওপৰত তীক্ষ নজৰ ৰাখিছে হোৱাইট হাউচ আৰু জাপানী চৰকাৰ ৷

Exit mobile version