COVID-19 : ক’ভিড আপডেট

Covid kerala 3

দেশত কৰ’নাৰ দৈনিক সংক্রমণৰ লেখচিত্র ১০ হেজাৰৰ পৰা নামি বিগত ২৪ ঘণ্টাত আঠ হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ৮,৫৮৬ । সোমবাৰে এই সংখ্যা আছিল ৯,৫৩১ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত আছে কর্নাটক । বিগত ২৪ ঘণ্টাত কর্নাটকত দৈনিক আক্রান্তৰ সংখ্যা ১,২৬৮ । দৈনিক সংক্রমণৰ তালিকাত ইয়ৰ পাছতে আছে মহাৰাষ্ট্র (১,১৮৩), কেৰালা (৯২৩) আৰু দিল্লী (৬২৫) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৪৮ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত ৰাজধানীত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা সর্বোচ্চ । যোৱা ২৪ ঘণ্টাত দিল্লীত সাতজন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । কেৰালা, কর্নাটক আৰু পঞ্জাৱত ছয়জন, পশ্চিমবংগ আৰু ৰাজস্থানত চাৰিজন আৰু হাৰিয়ানাত তিনিজনৰ মৃত্যু হৈছে ।

তদুপৰি হিমাচল প্রদেশ আৰু বিহাৰত দুজন আৰু মহাৰাষ্ট্র, ওড়িছা, ছত্তীছগঢ়, মধ্যপ্রদেশ, অসম, উত্তৰাখণ্ড, ছিকিম আৰু নাগালেণ্ডত এজনকৈ লোকৰ মৃত্যু হৈছে । সোমবাৰে এই সংখ্যা আছিল ৩৬ । দেশত এই পর্যন্ত পাঁচ লাখ ২৯ হেজাৰ ৯৭৯ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা কমাৰ লগে লগে দৈনিক সংক্রমণৰ হাৰো কমিছে । পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ কমি হ’ল ২.১৯ শতাংশ । সোমবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.১৫ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৯,৬৮০ জন সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৭ লাখ ৩৩ হেজাৰ ৬২৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৯ শতাংশ । এই পর্যন্ত দেশত ২১০ কোটি ৩১ লাখ ৬৫ হেজাৰ ৭০৩ টিকাকৰণ হৈছে ।

Exit mobile version