ছমাহে পাৰিতোষিক নাই পঞ্চায়ত প্ৰতিনিধিৰ

চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বাঢ়িছে ২৬,৭৮৪ জনপ্ৰতিনিধিৰ, বছৰি ৮০ কোটি টকাও মোকলাই দিয়া নাই

1598628498PNRD Assam Recruitment 2020

পুঁজিৰ অভাৱৰ বাবে মাহিলি মাননিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে জনপ্ৰতিনিধি । গ্ৰামাঞ্চলত সেৱা আগবঢ়াই থকা পঞ্চায়ত প্ৰতিনিধিসকলে মাহৰ পাছত মাহ ধৰি মাহিলি পাৰিতোষিক নোপোৱাকৈয়ে সেৱা আগবঢ়াই থাকিবলগীয়া হৈছে । বৰ্তমানৰ চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে পঞ্চায়ত প্ৰতিনিধিসকলক নিয়মীয়াকৈ দৰমহা আদায় দিয়াৰ লগতে তেওঁলোকৰ মাহিলি পাৰিতোষিক কিছু পৰিমাণে বৃদ্ধি কৰিও কেবিনেটত এক সিদ্ধান্ত লৈছিল । পিছে কেবিনেটৰ এই সিদ্ধান্ত‌ও কাৰ্যকৰী নহ’ল । এমাহ-দুমাহ নহয়, সুদীৰ্ঘ ছমাহ ধৰি দৰমহা পোৱা নাই ৰাজ্যৰ ২৬,৭৮৪ জন পঞ্চায়ত প্ৰতিনিধিয়ে ।

বিগত ছমাহ ধৰি চৰকাৰৰ পৰা লাভ কৰা মাহিলি পাৰিতোষিকৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা পঞ্চায়ত প্ৰতিনিধিসকলে মুখলজ্জাত তেওঁলোকৰ পাৰিতোষিক বন্ধ হৈ থকাৰ কথা ক’ব নোৱাৰিলেও ভিতৰি নিজ দলৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে । পঞ্চায়ত ব্যৱস্থাটোক দুৰ্নীতিমুক্ত কৰাৰ বাবে চৰকাৰে বাৰম্বাৰ ঘোষণা কৰি আহিছে যদিও পঞ্চায়ত প্ৰতিনিধিসকলক প্ৰাপ্য মাহিলি পাৰিতোষিকখিনিও আদায় নিদিলে তেওঁলোকে কিদৰে জীৱন নিৰ্বাহ কৰিব সেয়া ভবাৰ অৱকাশ নোপোৱাৰ বাবে চৰকাৰৰ দুৰ্নীতিমুক্ত শ্ল’গানো কাৰ্যত অসাৰ প্ৰতিপন্ন হৈছে । ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত এটা চৰকাৰী আবাসগৃহ লাভ কৰিবলৈ হ’লেও হিতাধিকাৰীয়ে পঞ্চায়ত প্ৰতিনিধিক উৎকোচ দিবলগীয়া হয় বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

উল্লেখ্য যে ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলক চৰকাৰীভাৱে নিৰ্ধাৰিত পাৰিতোষিক মোকলাই দিবলৈ হ’লে প্ৰতি বছৰে আয়োজন হয় ৮০.২১ কোটি‌ টকাকৈ । পিছে এই ধনৰাশি আদায় দিবলৈকো ৰাজকোষত পুঁজিৰ অভাৱ চৰকাৰৰ । ৰাজ্যখনত সম্প্ৰতি জিলা পৰিষদৰ সভাপতি আছে ২৬ জন, উপ-সভাপতি ২৬ জন আৰু সদস্য ৩৬৮ জন, আঞ্চলিক পঞ্চায়তৰ সভাপতি ১৮৫ জন, উপ-সভাপতি ১৮৫ জন আৰু সদস্য ১৮২৭ জন, গাঁও পঞ্চায়তৰ সভাপতি ২১৯৭ জন, উপ-সভাপতি ২১৯৭ আৰু গাঁও পঞ্চায়তৰ সদস্য সংখ্যা হ’ল ১৯,৭৭৩ জন । এওঁলোকৰ ভিতৰত জিলা পৰিষদৰ সভাপতিসকলে মাহিলি ১০,০০০ টকা, উপ-সভাপতিয়ে ৭,৫০০ টকা আৰু সদস্যসকলে ৪০০০ টকাকৈ পাৰিতোষিক লাভ কৰে ।

একেদৰে আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলে ৭,৫০০ টকাকৈ, উপ-সভাপতিসকলে ৫০০০ টকাকৈ আৰু সদস্যসকলে ৩০০০ টকাকৈ পাৰিতোষিক লাভ কৰে । আকৌ গাঁও পঞ্চায়তসমূহৰ সভাপতিসকলে মাহিলি ৫০০০ টকাকৈ, উপ-সভাপতিসকলে মাহিলি ৩০০০ টকাকৈ আৰু সদস্যসকলে ২০০০ টকাকৈ পাৰিতোষিক লাভ কৰে । পিছে বিগত ছমাহ ধৰি পঞ্চায়ত প্ৰতিনিধিসকলে পুঁজিৰ অভাৱৰ বাবে লাভ কৰা নাই চৰকাৰৰ পৰা আদায় পাবলগীয়া মাহিলি পাৰিতোষিকৰ ধনখিনি ।

উল্লেখ্য যে কেৱল বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থাকি পঞ্চায়ত সদস্যসকলৰ ক্ষেত্ৰতে নহয়, বৰঞ্চ পূৰ্বৰ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতো অৰ্থাৎ ২০১৩ৰ পৰা ২০১৮লৈ পঞ্জায়তসমূহত সেৱা আগবঢ়োৱা জনপ্ৰতিনিধিসকলেও বঞ্চিত হৈছিল পাৰিতোষিকৰ পৰা । তেওঁলোকে পাবলগীয়া বকেয়া আছে প্ৰায় ১৮০ কোটি টকা । বৰ্তমানেও পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিসকলে তেওঁলোকৰ প্ৰাপ্য ধনখিনি লাভ কৰাৰ আশাত চৰকাৰক বাৰম্বাৰ হেঁচা দি আছে । বিভাগীয় সূত্ৰ‌ই সদৰী কৰা অনুসৰি, পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিসকলক তেওঁলোকৰ প্ৰাপ্য ধনখিনি মোকলাই দিয়াৰ বিষয়টোক এতিয়াও বিবেচনা কৰি আছে দিছপুৰে । পূৰ্বৰ জনপ্ৰতিনিধিসকলক ১৮০ কোটি টকা আদায় দিবলৈ ব্যৰ্থ হোৱা চৰকাৰখনে বৰ্তমানৰ জনপ্ৰতিনিধিসকলক মাহিলি নিয়মীয়াকৈ দৰমহা আদায় দিয়াৰ আশা স্বাভাৱিকতে ক্ষীণ হৈ পৰিছে ।

উল্লেখ্য যে পূৰ্বে নিয়ম আছিল পঞ্চায়ত প্ৰতিনিধিসকলে নিজস্ব উৎসৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰি পাৰিতোষিক ভগাই ল’ব লাগে । পিছে প্ৰতিখন পঞ্চায়ততে পুঁজি সংগ্ৰহৰ পৰ্যাপ্ত উৎস নথকাৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত পঞ্চায়ত প্ৰতিনিধিসকলক মাহিলি ৰাজকোষৰ পৰা এক নিৰ্ধাৰিত হাৰৰ পাৰিতোষিক আদায় দিবলৈ সিদ্ধান্ত লৈছিল । পিছে ৰাজকোষৰ তলি উদং হোৱাৰ সূত্ৰে স্বয়ং জনপ্ৰতিনিধিসকলকে প্ৰাপ্য মাহিলি পাৰিতোষিকৰ পৰাও বঞ্চিত কৰিবলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰে ।

Exit mobile version