জমিয়ত উলেমা সন্ত্ৰাস বিৰোধী

জেহাদিৰ সন্ধান বা খবৰ পালে জমিয়তৰ তৰফৰ পৰা আৰক্ষীক গতাই দিয়া হ'ব

কলগাছিয়াৰ খৰিচালাস্থিত জামিয়াতুল ইছলামীয়া ইহয়া উলউলুম মাদ্ৰাছাত মঙলবাৰে হজৰত মৌলানা মুস্তাক আনফৰৰ নেতৃত্বাধীন জমিয়ত উলেমাৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত মুফতি ৰাশিদুল ইছলামক বৰপেটা জিলাৰ সভাপতি, চাৰিজনক উপ-সভাপতি আৰু এজনক ধন ভঁৰালী হিচাপে নিৰ্বাচিত কৰিছে ।

পৰৱৰ্তী সময়ত পূৰ্ণাংগ কমিটী গঠন কৰিব বুলি জনাইছে । জমিয়ত উলেমাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাম আৰু মন্তব্যৰ শলাগ লয় ।

জমিয়ত উলেমা সন্ত্ৰাস আৰু জেহাদিৰ ঘোৰ বিৰোধী । জেহাদিৰ সন্ধান অথবা খবৰ পালে জমিয়তৰ তৰফৰ পৰা আৰক্ষীক গতাই দিয়া হ’ব বুলিও কয় জমিয়তৰ নেতা কৰ্মীসকলে । কিন্তু দাড়ী টোপী থাকিলেই জেহাদি বা মছজিদ-মাদ্ৰাছাত জেহাদৰ শিক্ষা দিয়া হয় বুলি মন্তব্য কৰা ব্যক্তিসকলক নিন্দা কৰে জমিয়ত উলেমাই ।

জমিয়ত উলেমা এটা সামাজিক সংগঠন আৰু এই সংগঠনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বা বিপদৰ সময়ত হিন্দ-মুছলমান নেচাই সকলোৰে হৈ কাম কৰে বুলি কয় জমিয়তৰ লোকসকলে । ইছলামিক ধৰ্মসভাসমূহত চৰকাৰৰ বিনা অনুমতিত বিদেশৰ পৰা বক্তা আমন্ত্ৰণ কৰিবলৈ মানা কৰে জমিয়ত উলেমাই ।

Exit mobile version