পাঠশালাত কহিনুৰ থিয়েটাৰৰ ৪৭ সংখ্যক নাট্যযাত্ৰাৰ শুভ উদ্বোধন

WhatsApp Image 2022 08 24 at 6.41.56 PM

কোভিদসৃষ্ট পৰিবেশৰ বাবে সম্পূৰ্ণ দুটা বছৰ বন্ধ হৈ থকা কহিনুৰ থিয়েটাৰে এইবছৰ ব্যয়বহুল ভাবে পুনৰ নাট্যযাত্ৰা আৰম্ভ কৰিছে। নাট্যনগৰী পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালি নিশা বজালী জিলাৰ উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাই কহিনুৰ থিয়েটাৰৰ ২০২২-২৩ নাট্যবৰ্ষৰ শুভ উদ্বোধন কৰে। ইয়াৰ পূৰ্বে কহিনুৰ থিয়েটাৰৰ জন্মদাতা তথা আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ খনিকৰ ৰতন লহকৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত লহৰৰৰ কনিষ্ঠ জোৱাই হেমাংকন দাসে। ইয়াৰ লগতে ৰতন লহকৰৰ প্ৰতিচ্ছবিত ৰতন লহকৰৰ পত্নী জ্যোতি লহকৰ, পুত্র তথা কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে শ্ৰদ্ধা নিবেদন কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, পাঠশালা পৌৰ সভাৰ পৌৰপতি জলী চৌধুৰী, উপাধ্যক্ষ ৰাতুল ৰয়, যুৱ ছাত্ৰ পৰিষদৰ নেতা লক্ষেশ্বৰ দাস, কবি পুৰন্ধৰ পাটগিৰি, সমাজকৰ্মী তথা বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী, কহিনুৰ পৰিয়ালৰ সদস্যা ধৰিত্ৰী লহকৰ আদিয়ে উপস্থিত থাকে ।

ভূপেশ খাটনিয়াৰে আত ধৰা উক্ত অনুষ্ঠানটোৰ পিছতে কহিনুৰ থিয়েটাৰৰ ৪৭ সংখ্যক নাট্যবৰ্ষৰ অন্যতম নাটক ৰাজদ্বীপৰ ৰচনা আৰু বিশিষ্ট অভিনেতা নাট পৰিচালক যতীন বৰাৰ পৰিচালনাৰে বিষ্ণুপ্ৰিয়া মঞ্চায়ন কৰা হয়। ২০২২-২৩ নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰে চম্পক শৰ্মাৰ অৰ্ধনাৰী, কিশোৰ তহবিলদাৰৰ নাগিনীৰ অমৃত দংশন আৰু ৰাজদ্বীপৰ বিষ্ণুপ্ৰিয়া নাটক তিনিখন মঞ্চায়ন কৰিব।

Exit mobile version