বোকাজানত বিদ্ৰোহী সংগঠন আনলাৰ অস্ত্ৰ সম্বৰণ

২০১২ত অসম চৰকাৰৰ লগত শান্তি চুক্তি কৰা বিদ্ৰোহী সংগঠন আনলাই আজি বোকাজান আৰক্ষীক পুনৰ অস্ত্ৰ-শস্ত্ৰ জমা দিয়ে । উল্লেখযোগ্য যে যোৱা ২০১২ত সংগঠনটোৱে চৰকাৰৰ লগত শান্তি চুক্তি কৰি অস্ত্ৰ-শস্ত্ৰ জমা দিছিল যদিও কিছু পৰিমাণে অস্ত্ৰ সংগঠনটোৰ হাতত মজুত থাকি গৈছিল । আজি পুনৰ বোকাজান আৰক্ষীৰ হাতত তেওঁলোকে মজুতকৃত অস্ত্ৰ সমূহ জমা দিয়ে ।

সংগঠনটোৱে ইতিমধ্যে জমা দিয়া অস্ত্ৰসমূহৰ ভিতৰত আছে ছটা পিষ্টল, .২২এম‌এমৰ চাৰিটা ৰাইফল, চৰিটা বন্দুক, বহু পৰিমাণে সক্ৰিয় গুলি । অসমৰ বিভিন্ন প্ৰান্তত থকা আলনাৰ সতীৰ্থসকলে মজুত ৰখা অস্ত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনায় আলনা সদস্যই ।

Exit mobile version