বাৰিষাৰ প্ৰৱল বৰষুণৰ বাবে নীপকোৱে এৰি দিয়া পানীৰ ঢলত লখিমপুৰ দ’লোহাটৰ শিঙৰা নদীৰ ওফন্দি উঠা পানীয়ে সম্প্ৰতি তাণ্ডৱৰ সৃষ্টি কৰিছে বৃহৎ অঞ্চল ।
কালি পুৱা পাঁচ বজাত দ’লোহাট বজাৰৰ সমীপত নদী খনৰ দ’লোহাট গাঁৱৰ মথাউৰিটো বাঢ়িনী পানীয়ে চিঙি নিয়াৰ ফলত সমগ্ৰ অঞ্চলটো জলমগ্ন হোৱাৰ উপৰিও পথৰ ওপৰেদি পানী বাগৰি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ।
ইফালে বছৰৰ প্ৰথমটো বানতে উক্ত মথাউৰিটো এবাৰ চিঙিছিল যদিও ভালদৰে মেৰামতি নকৰাৰ ফলত পুনৰ আকৌ এনেদৰে কালি পুৱা মথাউৰিটো চিঙি যায় বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে । এনেদৰে গাঁওখনৰ মূল পথটো পানীৰ তলত ডুব যোৱাত ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰী সকল বহু সময় পানীত আৱদ্ধ হৈ পৰে । অৱশেষত প্ৰায় পাঁচ ঘণ্টাৰ অন্তত পানীৰ পৰিমাণ কিছু নিয়ন্ত্ৰণলৈ অহাৰ পিছতহে সকলো যাত্ৰী গন্তব্যস্থানলৈ যাৱলৈ সক্ষম হয় ।
বৰ্তমান স্থানীয় লোক সকলে শ্ৰমদান কৰি বালিৰ বস্তা,বাঁহ-জেং আদিৰে মথাউৰিটো মেৰামতি কৰি পুনৰ যাতায়ত কৰিব পৰাকৈ অস্থায়ীভাৱে সুচল কৰি তুলিছে যদিও কিমান সময় এই বাঢ়নী পানীৰ ঢল ৰোধ কৰিব পাৰিব সেইলৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ । উল্লেখযোগ্য যে, বিগত বৰ্ষত উক্ত স্থানৰ পৰা প্ৰায় পাঁচশ মিটাৰ নিলগত শিঙৰা নৈয়ে মথাউৰি ভাঙিছিল । সেই ভগ্ন অংশও এইপৰ্যন্ত মেৰামতি কৰা নাই ।
তেনেক্ষত্ৰত দ’লোহাট বজাৰ, দ’লোহাট বাগান আৰু কঠালপুখুৰী ৰেল ষ্টেছন আদি গুৰুত্বপূৰ্ণ অঞ্চল সমূহ এই দুৰ্বল মথাউৰিৰ ওপৰত নিৰ্ভ ৰ কৰি কিমান দিনলৈ সুৰক্ষিত হৈ থাকিব সেইলৈ প্ৰশ্ন তোলাৰ লগতে সময় থাকোতে চৰকাৰে এই মথাউৰিটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰো দাবী তুলিছে স্থানীয় ৰাইজে ।