China : জন্মহাৰ কমিছে চীনত, পিছুৱাইছে বিয়া

thediplomat 2022 04 22 144618

শিক্ষাক্ষেত্রত ব্যয়ৰ লগতে সন্তানপালনৰ সামগ্রিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে চীনত বিগত এক দশকত অলপ অলপকৈ জন্মহাৰ কমিছিল, ক’ভিডে য’ত ইন্ধন যোগাইছিল বুলি জনালে চীনৰ ‘নেছনেল হেল্‌থ কমিছন’এ । লগতে বিয়াৰ হাৰো কমিছে ।

এই প্ৰতিবেদন অনুযায়ী, আর্থিক আৰু সামাজিক— দুই দিশৰ পৰাই দ্রুত পৰিৱর্তন হৈছে চীন । যাৰ বাবেই হয়তো এই পৰিণতি । সমীক্ষাত প্ৰকাশ পাইছে, অধিকাংশ মহিলাই বিয়াৰ পৰিকল্পনা পিছুৱাই দিছে । আগৰ তুলনাত মাতৃত্ব গ্রহণ কৰাৰ পৰিকল্পনাও পিছুৱাই দিছে অনেকে । তদুপৰি, কমবয়সৰসকলৰ বৃহৎ চহৰত গৈ থকাৰ প্রৱণতা বাঢ়িছে । উচ্চশিক্ষা শেষ কৰাতেই বহু সময় পাৰ হৈ যায় তেওঁলোকৰ । তাৰ পাছত কামৰ চাপৰ ফলতো প্রভাৱ পৰিছে তেওঁলোকৰ পৰিয়ালৰ পৰিকল্পনাৰ ওপৰত ।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, চীনৰ কঠোৰ জিৰো-ক’ভিড নীতিও দম্পতিসকলৰ সন্তান জন্ম দিয়াৰ ইচ্ছা কমাই দিছে । আনকি বিয়াৰ আয়োজনৰ ক্ষেত্রতো ইয়ৰ বৃহৎ প্রভাৱ পৰিছে।

প্রসংগত, সম্প্রতি এটা প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চলিত বৰ্ষত চীনৰ নিম্নগামী জন্মহাৰে অভিলেখ গঢ়িব । যাক লৈ বিশেষ চিন্তিত প্রশাসন ।

Exit mobile version