একেৰাহে দুদিন দেশজুৰি কৰ’নাত দৈনিক সংক্রমণৰ লেখচিত্র নিম্নমুখী হৈছে যদিও বিগত ২৪ ঘণ্টাত পুনৰ ১০ হেজাৰ অতিক্ৰম কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ১০,৬৪৯ । মঙলবাৰে এই সংখ্যা আছিল ৮,৫৮৬ ।
ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত আছে মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ১,৯১০ । দৈনিক সংক্রমণৰ তালিকাত পাছত আছে কর্নাটক (১,৪৬৫), দিল্লী (৯৫৯) আৰু কেৰালা (৯০৭) ।
বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰো সামান্য বাঢ়িছে । পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ২.৬২ শতাংশ । মঙলবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ২.১৯ শতাংশ ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৩৬ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত ৰাজধানীত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা সর্বোচ্চ । যোৱা ২৪ ঘণ্টাত দিল্লীত নজন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । মহাৰাষ্ট্রত সাতজন, কেৰালাত চাৰিজন, পঞ্জাৱত তিনিজন মৃত্যু হৈছে ।
তদুপৰি কর্নাটক, উত্তৰ প্রদেশ, ৰাজস্থান আৰু হাৰিয়ানাত দুজন আৰু পশ্চিমবংগ, মধ্যপ্রদেশ, চণ্ডীগড়, গুজৰাট আৰু ওড়িছাত এজনকৈ লোকৰ মৃত্যু হৈছে । মঙলবাৰে এই সংখ্যা আছিল ৪৮ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ১৫ জন ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১০,৬৭৭ জন সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৭ লাখ ৪৪ হেজাৰ ৩০১ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৯ শতাংশ । এই পর্যন্ত দেশত ২১০ কোটি ৫৮ লাখ ৮৩ হেজাৰ ৬৮২ টিকাকৰণ হৈছে ।