জেহাদী বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান

গ্ৰেপ্তাৰ হ’ল আৰু এজন জেহাদী

WhatsApp Image 2022 08 25 at 2.50.55 PM

কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ লক্ষ্যৰে নামনি অসমৰ বিভিন্ন স্থানত বাহৰ পাতি থকা কেইবাজনো জেহাদীক আৰক্ষীয়ে আটক কৰাৰ পিছত এইবাৰ পুনৰ আটক হ’ল আন এআন জেহাদী ৷ ইতিমধ্যে আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে চলাইছে মাৰাথন অভিযান ৷

গোৱালপাৰা জিলাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বঙাইগাঁও জিলাৰ যোগীঘোপাৰ আটক কৰা হয় এটা দুধৰ্ষ জেহাদীক। জেহাদীটোক গোৱালপাৰাৰ গোবিন্দপুৰৰ আব্দুছ ছোৱাহান বুলি চিনাক্ত কৰা হৈছে ৷ উল্লেখ্য যে ইতিপূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জালালউদ্দিনৰ সৈতে সম্পৰ্ক আছিল আটকাধীন আব্দুছ ছোবাহানৰ ৷গোৱালপাৰা আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আটকাধীন জেহাদীটোক |

Exit mobile version