আলফা (স্বাধীন)ৰ ছাংহাই শিৱিৰৰ পৰা চাৰি সদস্যৰ পলায়ন, আটক দুই সদস্য

আলফা(স্বাধীন)ত মোক্ষম আঘাত সানি আলফাৰ ম্যানমাৰৰ ছাংহাই শিৱিৰৰ পৰা পলায়ন কৰিছে চাৰি দুধৰ্ষ সদস্যই । ইয়াৰে দুজনক আটক কৰিবলৈ সক্ষম হৈছে আছাম ৰাইফলছৰ বাহিনীয়ে ।

খবৰ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তত কালি গভীৰ অৰণ্যৰ মাজয আসাম ৰাইফলছৰ এটা বাহিনীয়ে আটক কৰিছে ৰিয়াণ অসম ওৰফে বিকাশ ৰাজবংশী আৰু সূৰুজ অসম নামৰ দুই আলফা সদস্যক ।

ৰিয়াণ অসমৰ ঘৰ মাৰ্ঘেৰিটাৰ মাকুমপথাৰত আৰু সূৰুজৰ ঘৰ মাকুমৰ লাংকাচিত ৷

ইফালে আন দুজন সদস্য ক্ৰমে ৰাঘৱ অসম আৰু শৰৎ অসমৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই ভাৰতীয় সেনাই ।

সম্প্ৰতি ঘন জংঘলত আটক কৰা দুই আলফা সদস্যক লৈ অৰুণাচলৈ আহিছে আছাম ৰাইফলচৰ অভিয়ানকাৰী এটা দল ।

Exit mobile version