শেহতীয়াকৈ ৰাজ্যত উৎকোচ লৈ বহু বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে । শুকুৰবাৰে ধুবুৰীত উৎকোচ লোৱা সময়ত এগৰাকী শিক্ষা বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ একেদিনাই আৰু এজন ঘোচখোৰ লাটমণ্ডল হাতে-লোটে ধৰা পৰিছে । আজি দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক উৎকোচ লৈ থকাৰ সময়তে গ্ৰেপ্তাৰ কৰে । মাটিৰ মিউটেছনৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে কৰায়ক্ত কৰে লাট মণ্ডলজনক । সমান্তৰালকৈ আজি সৰ্বশিক্ষা অভিযান মিছনৰ শিক্ষা বিষয়া আজাহাৰুল ইছলামকো উৎকোচ লোৱাৰ সময়ত ধৰা পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই । উল্লেখযোগ্য যে , ৰাজ্যত বৃদ্ধি পোৱা দুৰ্নীতি ৰোধৰ বাবে দুৰ্নীতি নিবাৰক শাখাই চলোৱা এই অভিযানত চলিত মাহত ১৬ জনকৈ ঘোচখোৰ বিষয়া-কৰ্মচাৰী আটক হ’বলগীয়া হৈছে ।
উৎকোচ লৈ পুনৰ জালত পৰিল লাট মণ্ডলসহ এজন শিক্ষা বিষয়া
-
By publisher

- Categories: Assam, India, News
- Tags: Arrestedtwo govt.employee
Related Content
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
By
publisher
May 4, 2026