আজিৰে পৰা আৰম্ভ এছিয়া কাপ ক্ৰিকেট 2022

Asia Cup 2022 1260x657 1

আজিৰে পৰা আৰম্ভ হ’ব এছিয়া কাপ ক্ৰিকেটৰ মহাৰণ । আজি প্ৰথমখন খেলত মুখামুখি হ’ব শ্ৰীলংকা আৰু আফগানিস্তান । আনহাতে দেওবাৰে চিৰবৈৰী দল পাকিস্তানৰ সৈতে মুখামুখি হ’ব ৰোহিত নেতৃত্বাধীন ভাৰতীয় দল ।

শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত হ’বলগীয়া খেলখন ভাৰতীয় সময়মতে ৭.৩০ বজাত আৰম্ভ হ’ব । প্ৰতিযোগিতাখন “এ” আৰু “বি” দুটা গ্ৰুপত অনুষ্ঠিত হ’ব । নিয়ম অনুসৰি বাংলাদেশ , শ্ৰীলংকা আৰু আফগানিস্তানক গ্ৰুপ “এ” ত ৰখা হৈছে । একেদৰে ভাৰত,পাকিস্তান আৰু হংকঙক গ্ৰুপ “বি” ত অন্তৰ্ভুক্ত কৰা হৈছে । ডুবাই আৰু শাৰজাহত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত মুঠ ১৩ খন খেল অনুষ্ঠিত হ’ব ।

ইফালে ভাৰত হৈছে প্ৰতিযোগিতাখনৰ ডিফেণ্ডিং চেম্পিয়ন । যিহেতু ২০১৮ বৰ্ষত ভাৰতে বাংলাদেশক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিছিল । উল্লেখযোগ্য যে, ভাৰতে এতিয়ালৈকে মুঠ সাত বাৰ এছিয়া কাপ জয় কৰিছে।

বিপৰীতে শ্ৰী লংকাই পাঁচ বাৰ আৰু পাকিস্তানে দুবাৰ এই খিতাপ জয় কৰিছিল । এইবাৰ এছিয়া কাপৰ এই প্ৰতিযোগিতাখন ২০-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব । যিহেতু এইটো টি-২০ বিশ্বকাপৰ বছৰ । ২০১৬ চনতো এই প্ৰতিযোগিতাখন এইধৰণে খেলা হৈছিল । অৱশ্যে ২০১৮ বৰ্ষত এছিয়া কাপ ৫০ অভাৰ ফৰ্মেটত অনুষ্ঠিত হৈছিল ।

Exit mobile version