COVID-19 : ক’ভিড আপডেট

covid test srinagar pti

তিনি দিন দেশত দৈনিক ক’ভিড সংক্রমণ ১০ হেজাৰৰ ওপৰত থাকিলেও বিগত ২৪ ঘণ্টাত কমি ন হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা ৯,৫২০ । শুকুৰবাৰে এই সংখ্যা আছিল ১০,২৫৬ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত এতিয়াও আছে মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ১,৮৪৬ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে কর্নাটক (১,১৯১), কেৰালা (১,১১৮) আৰু দিল্লী (৬২০) ।

বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমিতৰ সংখ্যা কমিলেও দৈনিক সংক্রমণৰ হাৰ বাঢ়িছে । পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ২.৫০ শতাংশ । শুকুৰবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ২.৪৩ শতাংশ ।

Exit mobile version