Heart Attack Risk : হৃদ্‌ৰোগৰ শংকা হ্ৰাস কৰিব বিচাৰে ? দৈনন্দিন কোন তিনিটা আসন কৰিব

Dashboard 952 heartattack 9 20

সুস্থ থাকিবলৈ শৰীৰচর্চাৰ বিকল্প নাই । নিয়মিত ব্যায়াম কৰাৰ অভ্যাসে বহু ৰোগ দূৰতে ৰখাত সহায় কৰে । চিকিৎসকৰ মতে, কেৱল ওজন নিয়ন্ত্রণত ৰাখিবলৈয়ে নহয়, হৃদ্‌ৰোগৰ শংকা কমাবলৈও প্রয়োজন শাৰীৰিক কচৰৎ । অস্বাস্থ্যকৰ জীৱনযাপন, অনিয়মিত খাদ্যাভ্যাস, শৰীৰচর্চা নকৰাৰ বাবে হৃদ্‌ৰোগজনিত সমস্যা হয় ।

সুস্থ থাকিবলৈ আৰু হার্ট এটেকৰ শংকা হ্ৰাস কৰিবলৈ নিয়মিত শৰীৰচর্চা কৰা প্রয়োজন । অৱশ্যে হৃদ্‌যন্ত্র সুস্থ ৰাখিবলৈ চিকিৎসকসকলে নির্দিষ্ট কিছুমান ব্যায়াম কৰাৰ কথা কয় । নিতৌ শৰীৰচর্চা কাৰ্যসূচীত সেইবোৰ ৰাখিলে হৃদ্‌যন্ত্র সুস্থ থাকিব দীর্ঘ দিন ।

তেনে ধৰণৰে কিছুমান ব্যায়াম হৈছে :

পদহস্তাসন
এই আসনটো কৰিবলৈ প্রথমে পোন হৈ থিয় হ‌ওক । তাৰ পাছত লাহে লাহে ভৰি দুখনৰ মাজত সামান্য ব্যৱধান ৰাখি থিয় হ‌ওক । এইবাৰ ভালকৈ শ্বাস লৈ হাত দুখন ওপৰৰ দিশে উঠাই নিয়ক । কঁকালৰ পৰ শৰীৰৰ ওপৰৰ অংশ সন্মুখৰ ফালে হাউলি দিয়ক । হাতৰ সহায়ত গোড়োহা স্পর্শ কৰক । ধ্যান ৰাখিব যাতে আঠু ভাঙি নাযায় । ২০-৩০ ছেকেণ্ড এই অৱস্থাত থকাৰ পাছত লাহে লাহে আগৰ অৱস্থাত ঘূৰি আহক ।

ধনুৰাসন
এই আসনটো কৰিবলৈ প্রথমে পেট ওপৰমুৱা কৰি শুই ল‌ওক । তাৰ পাছত আঠু ভাজ কৰি ভৰিৰ পতা যথা সম্ভৱ পিঠিৰ ওপৰলৈ লৈ আহক । হাত দুখন পিছলৈ আনি গোড়োহাৰ ওপৰত জোৰেৰে ধৰি ৰাখক । চেষ্টা কৰক ভৰি দুখন যাতে মূৰৰ ওচৰৰলৈকে আহে । পেট তললৈ কৰি ওপৰৰ ফালে চাওক । এই ভংগীত স্বাভাৱিক শ্বাস-প্রশ্বাস লৈ ২০-৩০ ছেকেণ্ড থাকক । তাৰ পাছত লাহে লাহে আগৰ ভংগীত ঘূৰি আহক ।

ভুজংগাসন
এই আসনটো কৰা অতি সহজ । প্রথমে হাতৰ তলুৱাৰ মাজভাগত ভৰ দি কামিহাড়ৰ দুকাষত ৰাখক । ইয়াৰ পাছত কঁকালৰ পৰা ভৰি পর্যন্ত মাটিত ৰাখক, হাতৰ তলুৱাৰ ওপৰত ভৰ দি শৰীৰৰ বাকী অংশ লাহে লাহে ওপৰৰ দিশে লৈ আহক । মূৰটো সামান্য বেঁকা কৰি ওপৰৰ ফালে চাওক । কিছু ছেকেণ্ড থকাৰ পাছত পূৰ্বৰ অৱস্থাত ঘূৰি আহিব ।

Exit mobile version