পুনৰ এজন আলফা সদস্যক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে ৷ তিনিবাৰকৈ শিৱিৰৰ পৰা পলায়ন কৰাৰ অপৰাধত মৃত্যুদণ্ড বিহে সংগঠনটোৱে ৷ ২৮ জুলাইত প্ৰথমবাৰৰ বাবে পলায়নৰ পাছত পুনৰ ২৩ আগষ্টত পলায়নৰ চেষ্টা কৰোতে আলফা স্বাধীনৰ নিয়মীয়া টহলকাৰী দল গটাই কৰায়ত্ব কৰে ৷
ADVERTISEMENT
এই সন্দৰ্ভত আলফা স্বাধীনৰ প্ৰচাৰ গোটৰ সদস্য কেপ্তেইন ৰুমেল অসমে জাৰি কৰা এক প্ৰেছ বিবৃতিত সদৰী কৰে যে আলফা সদস্য ৰিহন অসম ওৰফে ছাইফুল ইছলাম নামৰ সদস্যজনে শিৱিৰৰ পৰা দুবাৰকৈ পলায়নৰ চেষ্টা কৰিছিল ৷ তৃতীয়বাৰ পলোৱাৰ চেষ্টা কৰোতেই কৰায়ত্ব হয় ৷
তেওঁ আৰক্ষীৰে গোপন সম্পৰ্ক ৰক্ষা কৰি শিৱিৰৰ আন আলফা সদস্যক আত্মসমৰ্পনৰ বাবে উচতনি দিছিল ৷ ছাইফুলৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাউৰাৰতলগাঁও ৷