পলাশবাৰীত ডকাইতি কাণ্ড

দোকানীক ৰিভলভাৰ দেখুৱাই লুটি নিলে নগদ ধনসহ ম'বাইল

WhatsApp Image 2022 09 07 at 14.21.31 1

কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মনীয়েৰী তিনিআলিত ডকাইতি কাণ্ড। যোৱা নিশাভাগত তিনিখন বাইকত অহা তিনিজনীয়া ডকাইতৰ দলে এজন দোকানীক ৰিভলভাৰ এজন দেখুৱাই লুটি নিয়ে নগদ ধনসহ ম’বাইল ফোন।

মনোজ এণ্টাৰপ্ৰাইজ নামৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান এখনৰ স্বত্বধিকাৰী মনোজ দাস আৰু তেওঁৰ ভাতৃক মূৰত ৰিভলভাৰ থৈ প্ৰায় ডেৰ লক্ষাধিক নগদ ধনসহ আৰু এটা ম’বাইল ফোন লৈ উধাও হয়। একেদৰে জয়দীপ ভাণ্ডাৰ নামৰ আন এখন ব্যৱসায় প্ৰতিষ্ঠানটো ডকাইতৰ দলে ৰিভলভাৰ দেখুৱাই নগদ ধন আৰু ম’বাইল ফোন লৈ যায় ৷ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

ঘটনাৰ সম্ভেদ পাইয়ো পলমকৈ ঘটনাথলীত পলাশবাৰী আৰক্ষী উপস্থিত হোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ আৰক্ষীয়ে ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ খবৰ দিয়ে যদিও বহু পলমকৈ আৰক্ষী উপস্থিত হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

Exit mobile version