ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক লৈ অপপ্ৰচাৰ চলোৱা যুৱকৰ দলৰ বিৰুদ্ধে ৰাজহুৱা সভা অনুষ্ঠিত, ৱেব পৰ্টেলৰ বিৰুদ্ধে ল’ব ব্যৱস্থা 

ভাদ মাহ উপলক্ষে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত অগণন ভক্তৰ আগমণ ঘটিছে । ভক্তগণৰ অসুবিধা নহ’বলৈকে যোৱা ৬ ,ছেপ্টেম্বৰত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী-প্ৰশাসনৰ সহযোগত নামঘৰলৈ যোৱা মূল পথটো বন্ধ কৰি অন্য এটা উপ- পথ মুকলি কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত একাংশ যুৱকে প্ৰশাসনৰ বিনা অনুমতিত স্থাপন কৰা পাৰ্কিঙৰ ব্যৱসায়ত প্ৰভাৱ পৰাত নিজৰ ব্যক্তিগত স্বাৰ্থৰ খাতিৰত নামঘৰ পৰিচালনা সমিতিক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী-ধমকি দিয়াৰ লগতে আৰক্ষী প্ৰশাসন তথা জিলা উপায়ুক্তকো সাঙুৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

ইয়াতে ক্ষান্ত নাথাকি যুৱকৰ দলটোৱে সামাজিক মাধ্যমৰ এটা ৱেব পেজত সমগ্ৰ ঘটনাটো প্ৰচাৰ কৰি ঐতিহাসিক নামঘৰভাগিৰ অপপ্ৰচাৰ কৰাত ক্ষুদ্ধ হৈ পৰে নামঘৰ পৰিচালনা সমিত আৰু বৃহৎত্তৰ ঢেকীয়াখোৱাবাসী । সেইমৰ্মে আজি এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰি এই হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰা যুৱকসকলক কিয়,কি কাৰণে এই অপপ্ৰচাৰ কৰি নামঘৰভাগিৰ গৰিমাত কালিমা সানিলে ,সেইলৈ প্ৰশ্ন তোলে ।

উল্লেখযোগ্য যে , যুৱকৰ দলটোৱে নিজৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে এই ঘটনা সংঘটিত কৰা কথা স্বীকাৰ কৰে আৰু সকলোৰে আগত ক্ষমা বিচাৰে। ইফালে এই ঘটনাৰ অন্য ৰূপ দি অপপ্ৰচাৰ কৰা ৱেব পেজটোৰ বিৰুদ্ধেও ৰাজহুৱাকৈ সভাই আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰলগতে নামঘৰ পৰিচালনা সমিতিয়ে বিনামূলীয়াকৈ গাড়ী পাৰ্কিঙৰ বাবে বহু উপযুক্ত ব্যৱস্থা কৰি থৈছে । সেই স্থানতে সকলো ভক্তপ্ৰাণ ৰাইজক গাড়ী পাৰ্কিং কৰিবলৈ আহ্বান জনায়।

Exit mobile version