– মৰিগাঁও জিলাৰ কলং-কপিলী-কিলিং বুকুত বালি মাফিয়াই দিনে নিশাই মেচিনৰ সহায়ত অবৈধ বালি খননেৰে ধ্বংস যজ্ঞ চলোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ মৰিগাঁও জিলাখনতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ৰাজ্যৰ বনজ সম্পদৰ ওপৰত চলি থকা অবাধ লুণ্ঠনৰাজৰ লগতে বনজ সম্পদক কেন্দ্ৰ কৰি চলি থকা ছিণ্ডিকেট , দূৰ্নীতি , অনিয়মৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা কঠোৰ স্থিতি আৰু ঘোষণাৰ এক বিপৰীত ছবিহে পৰিস্ফুট হৈছে সমগ্ৰ মৰিগাঁও জিলাত । এক কথাত কবলৈ গ’লে ৰাজনৈতিক নেতাৰ আৰ্শীবাদত বলিয়ান হৈ একাংশ বন আৰু বালি মাফিয়াই বিনাদ্বিধাই চলাই নিছে অবৈধ ভাৱে বনজ সম্পদৰ ধ্বংসযজ্ঞ ।ফলস্বৰূপে ৰাজ্য চৰকাৰে ব্যাপক হাৰত ৰাজহ হেৰুৱাব লগা হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।জিলা খনৰ নদী সমূহৰ ভিতৰত ঘাইকৈ কলং ,কপিলী, কিলিং নদীৰ বক্ষত জধে মধে অবৈধভাৱে মেচিন বহুৱাই দিনে -নিশাই বালি খননকাৰ্য্য চলাই থকা স্বত্তেও ৰাজ্য চৰকাৰৰ বিয়াগোম বনবিভাগে ধৃতৰাষ্টৰ ভূমিকা পালন কৰা বুলি জিলাখনৰ সচেতন মহলে কটাক্ষ কৰিছে । প্ৰাপ্ত তথ্য মতে, জিলাখনৰ কদমতলিৰ পৰা মায়ঙৰ দিপ্ৰাং, ঠেংভঙালৈকে নৈৰ বক্ষ উদাৰি অতি কমেও ১৬ ৰ ২০টাকৈ স্থানত চলাই থকা অবৈধ বালি খনন কাৰ্য্যৰ লগতে পবিতৰা অভয়াৰণ্য খনৰ নাতি দূৰৈতো নদীৰ বুকুত মেচিন বহুৱাই অসাধুচক্ৰই বিনাবাধাই ইচ্ছামতে খনন কাৰ্য্য চলাই বালি সৰবৰাহ কৰি আহিছে ।খবৰ মতে জিলাখনৰ বহা ,দিপ্ৰাং ,ঠেংভঙা আৰু বৰজাৰিত থকা অবৈধ বালি মহল কেইটাৰ পৰাই বন বিভাগৰ নাকৰ আগেয়েই দৈনিক ২৫ -৩০খন পৰ্য্যন্ত বালিৰ ট্ৰাক গুৱাহাটী , জাগীৰোড , মৰিগাঁৱৰ বিভিন্ন ঠাইলৈ সৰবৰাহ হৈয়ে আছে । অভিযোগ মতে, বিভাগীয় অনুমোদন নোহোৱাকৈ স্থাপন কৰা এই সমূহ বালিমহলৰ পৰা বালি সৰবৰাহ কৰা ট্ৰাক সমূহৰো অধিকাংশৰে নাই চালান । ইয়াৰে আকৌ কিছুমানে বন বিভাগৰ লগত বুজা-বুজিৰ চুক্তি কৰি পুৰণি ম্যাদ ওকলা চালানকে ব্যৱহাৰ কৰাৰো জোৰদাৰ অভিযোগ উঠিছে । ৰাজ্য চৰকাৰ খনৰ এটা বিয়াগোম বন বিভাগৰ অবৰ্তমানত কিদৰে সম্ভৱ হৈছে নদীত অবৈধ বালি খনন ,চালানহীনভাৱে বালি সৰবৰাহৰ দৰে অনৈতিক কাৰ্য্য। ফলশ্ৰুতিত ৰাজ্য চৰকাৰ খনেও দৈনিক হেৰুৱাব লগা হৈছে দৈনিক বৃহৎ পৰিমাণৰ ৰাজহ। তাকলৈ জিলাখনৰ মচেতন মহল আৰু প্ৰকৃতি প্ৰেমীয়ে প্ৰশ্ন উত্থাপন কৰিছে। ইফালে, জিলা খনৰ নৈ পৰীয়া ৰাইজে কৰা অভিযোগ অনুসৰি একালৰ শিহুৰ মুক্ত বিচৰণ স্থলী ,জলকেলিৰ অপূৰ্ব দৃশ্য মান কলং ,কপিলী ,কিলিঙত দিনে -নিশাই চলোৱা মেচিনৰ শব্দ ,অহৰহ লানি নিছিগা বালি ,শিল কঢ়িওৱা ট্ৰাক সমূহে নিদ্ৰাহৰন কৰাৰ লগতে সংশ্লিষ্ট অঞ্চল সমূহত প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰাৰ সমান্তৰালভাৱে স্বাভাৱিক শান্তিৰ পৰিবেশ বিঘ্নিত কৰিছে । শাসকীয় দলৰ একাংশ নেতা -পালিনেতাৰ ছত্ৰছায়াতে মৰিগাঁৱত নিৰৱিচিন্নভাৱে মাফিয়া গিৰি ,প্ৰাকৃতিক সম্পদৰ ধ্বংস অভিযান চলি আছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।
মৰিগাঁৱত বালি মাফিয়াৰ প্ৰকৃতি ধ্বংস অভিযান
মেচিনেৰে কলং-কপিলী-কিলিং নৈৰ বুকুত অবৈধ বালি খননৰে বালি মাফিয়াই দিনে নিশাই চলাইছে সন্ত্ৰাস
-
By publisher

Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026