ARVIND KEJRIWALঅৰবিন্দ কেজৰিৱালে বিজেপিৰ লগতে কংগ্রেছকো কটাক্ষ কৰিছে

WhatsApp Image 2022 09 13 at 19.46.01

ARVIND KEJRIWALমঙলবাৰে আহমদাবাদত দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে কয়, ‘‘দেশত কংগ্রেছ শেষ হৈ গৈছে । কংগ্রেছে কি কৈছে, কোনেও গুৰুত্ব নিদিয়ে । সেয়ে বিজেপিয়ে এইবাৰ আম আদমি পার্টিক লক্ষ্য কৰিছে ।’’

চলিত বছৰৰ শেষতেই নৰেন্দ্র মোদী-অমিত শ্বাহৰ ৰাজ্যত বিধানসভা নিৰ্বাচন হোৱাৰ কথা । ইয়াৰ পূৰ্বে তাত ৰাজনৈতিক উত্তেজনাৰ পাৰদ ক্রমশ বাঢ়িছে । ‘এএপ’ নেতৃত্বৰ দাবী, কংগ্রেছক পিছ পেলাই বিধানসভা নিৰ্বাচনত শাসক বিজেপিৰ প্রধান প্রতিদ্বন্দ্বী হিচাপে থিয় দিব তেওঁলোক ।

সম্প্রতি পৌৰ নিৰ্বাচনত সুৰতসহ দক্ষিণ গুজৰাটত আপ প্রার্থীসকলে ভোট পোৱাৰ পাছত দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে ধাৰাবাহিকভাৱে সেই ৰাজ্যত জনসংযোগ অভিযান আৰম্ভ কৰিছে । মঙলবাৰে আহমেদাবাদ ভ্ৰমণত গৈ তেওঁ কয়, ‘‘কংগ্রেছ শেষ হৈ গৈছে । আগন্তুক দিনত গুজৰাটত বিজেপিৰ একমাত্র প্রতিদ্বন্দ্বী হ’ব এএপ । সেই কথা বুজিৰ পাৰিয়ে তেওঁলোকে আমাক লক্ষ্য কৰিছে ।’’

Exit mobile version