BENGALI COMMUNITY: পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাক্যবাণ , পূজাৰ সময়ত চাহ-বিস্কুট, ঘুগুনি বিক্ৰী কৰক

WhatsApp Image 2022 09 15 at 20.17.46

BENGALI COMMUNITY: বেংগলী সমাজৰ আদৰৰ দুৰ্গাপূজা সমাগত । তাৰ আগতেই ৰাজ্যবাসীক কৰ্মসংস্থাপনৰ নতুন পথ দেখুৱাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । বৃহস্পতিবাৰে পশ্চিম মেদিনীপুৰৰ খড়্গপুৰৰ এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ নিবনুৱা সকলক পৰামৰ্শ আগবঢ়াই কয় যে, এক হাজাৰ টকা যোগাৰ কৰক ,এটা কেটলি , অলপ বিস্কুট কিনক আৰু এটা ব্যৱসায় আৰম্ভ কৰক । লাহে লাহে এই ব্যৱসায়টো কেনেকৈ আগবঢ়াই নিব ,সেইবিষয়েও পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰথম সপ্তাহত বিস্কুট নিয়াৰ পিছত দ্বিতীয় সপ্তাহত নিজৰ মাতৃক ঘুগুনি ৰান্ধি দিবলৈ ক’ব লাগে ।

তাৰপিছৰ সপ্তাহত তেলত ভজা বিভিন্ন ব্যঞ্জন লৈ এখন টোল আৰু এখন টেবুল লৈ পূজাৰ আগতেই ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে , এইধৰণৰ মন্তব্যৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বিৰোধীক এক শিকনি দিয়াৰ চেষ্টা কৰে । বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই পৰামৰ্শ আগতেই দিয়াৰ কথা ভাবিছিল যদিও কিছুমান মানুহৰ ভাষ্য শুনিবলগীয়া হৈ বুলিহে কোৱা নাছিলোঁ বুলি উল্লেখ কৰে।

এই মন্তব্যৰ যোগেদি মমতা দিদিয়ে কোনো কৰ্মই যে মানুহক সৰু নকৰে বৰঞ্চ মাটিত থকা মানুহে আকাশ চুব পাৰে বুলি কাব্যিক মন্তব্য প্ৰদান কৰে । বৃহস্পতিবাৰে মমতা দিদিৰ এনে মন্তব্য শুনি শ্ৰোতাসকলে হৰ্ষধ্বনিৰে বিপুল আদৰণি জনায় । ইফালে উক্ত দিনা গ্ৰামীণ কুটিৰশিল্পক নতুন মাত্ৰা দিয়াৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । গ্ৰাম্য সমাজত সহজতে উপলব্ধ হোৱা কচুৰ পাতৰ পৰাও সুন্দৰকৈ থাল তৈয়াৰ কৰিব পাৰি বুলি পৰামৰ্শ আগবঢ়ায় । কৰ্মসংস্থাপনৰ বাট দেখুৱাই মুখ্যমন্ত্ৰী গৰাকীয়ে বাংলাৰ গাঁও সমূহত বহুত বস্তু এনেই পোৱা যায় বুলি উল্লেখ কৰি ,সেই পেলনীয়া বস্তুৰ পৰা ন-ন উৎপাদন কৰিও স্বাৱলম্বী হ’ব পাৰে বুলি পৰামৰ্শ আগবঢ়ায় ।

Exit mobile version