FOREIGN MINISTER : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আজিৰ পৰা ১১ দিনীয়া আমেৰিকা ভ্ৰমণ

ইউএনজিএ অধিৱেশনকে ধৰি কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব

WhatsApp Image 2022 09 19 at 16.48.00

TODAY : আজিৰ পৰা এঘাৰদিনীয়া চৰকাৰী কাৰ্যসূচীৰে দেশৰ বিদেশমন্ত্ৰী আমেৰিকা ভ্ৰমণ কৰিব । যুক্তৰাষ্ট্ৰত থকা সময়ছোৱাত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাকে ধৰি বহুপাক্ষিক আৰু ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। একে সময়তে, এছ জয়শংকৰে মাৰ্কিন ৰাষ্ট্ৰপতি জ’বাইডেন প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিব। জয়শংকৰে ভাৰতৰ উপৰিও ব্ৰাজিল, জাপান আৰু জাৰ্মানী অন্তৰ্ভুক্ত জি-৪ গোটৰ এখন মন্ত্ৰীগোটৰ বৈঠকতো উপস্থিত থকাৰ কথা সদৰি কৰিছে বিদেশ মন্ত্ৰণালয়ে ৷

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ব্যাপক সংস্কাৰ নিশ্চিত কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এল-৬৯ গোটৰ এখন “উচ্চ-পৰ্যায়ৰ বৈঠক”ত অংশগ্ৰহণ কৰিব। এল-৬৯ গোটটোত এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা, কেৰিবিয়ান আৰু সৰু দ্বীপৰ উন্নয়নশীল দেশসমূহ অন্তৰ্ভুক্ত আছে ৷ যি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়ে।

স্মতৰ্ৱ্য যে ১৮ পৰা ২৪ ছেপ্টেম্বৰত নিউয়ৰ্ক ভ্ৰমণৰ সময়চোৱাত বিদেশমন্ত্ৰী এছ জয়শংকৰে ভাৰতীয় প্ৰতিনিধিদলক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (ইউএনজিএ) ৭৭ তম অধিৱেশনত নেতৃত্ব দিব৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ তম অধিৱেশনৰ এইবাৰৰ বিষয়বস্তু হৈছে “আন্তঃসংযোগ প্ৰত্যাহ্বানৰ মুহূৰ্ত আৰু পৰিৱৰ্তনশীল সমাধানৰ সংজ্ঞা”।

আনহাতে আজাদী কা অমৃত মহোৎসৱ উদযাপন আৰু প্ৰদৰ্শন ৰখাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ২৪ ছেপ্টেম্বৰত ভাৰতৰ উন্নয়নযাত্ৰা আৰু দক্ষিণৰ সহযোগিতাত ইয়াৰ অৱদানৰ ওপৰত আলোকপাত কৰি ‘ভাৰত @৭৫: কাৰ্যত ভাৰত ৰাষ্ট্ৰসংঘৰ অংশীদাৰীত্ব প্ৰদৰ্শন’ এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব । অনুষ্ঠানটোত ৭৭ তম ইউএনজিএ সভাপতিৰ লগতে কেইবাখনো সদস্য দেশৰ বৈদেশিক মন্ত্ৰী আৰু ইউএনডিপি প্ৰশাসকে সম্বোধন কৰাৰ কথা ৷

বিদেশ মন্ত্ৰীএছ জয়শংকৰে কোৱাড, আইবিএছএ আৰু ব্ৰিকছৰ বহুপাক্ষিক বৈঠকৰ লগতে ভাৰত-ফ্ৰান্স-অষ্ট্ৰেলিয়া,ভাৰত-ফ্ৰান্স-ইউএই আৰু ভাৰত-ইণ্ডোনেছিয়া-অষ্ট্ৰেলিয়াৰ দৰে ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে । মন্ গৰাকীয়ে জি-২০ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন, আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ সদস্য আৰু আমেৰিকান ব্যৱসায়িক নেতাসকলৰ সৈতে আলোচনা ৰখা হৈছে। তেওঁ প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিব। মুঠৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভ্ৰমণত ভাৰতীয় বিদেশ মন্ত্ৰী গৰাকীয়ে কুটনৈতিক ৰণনীতিয়ে পশ্চিমীয়া দেশসমূহক মোহাচ্ছন্ন কৰিব সেইয়া ধুৰূপ বুলি মন্তব্য কৰে বৈদেশিক বিশেষজ্ঞ মহলে ৷

Exit mobile version