SHAHID DIWAS : ১৯৬০, ‘৬৮, ‘৭৪ ৰ ঐতিহাসিক ৰে’ল আন্দোলনৰ ছহীদৰ স্মৃতিৰে ১৯ ছেপ্তম্বৰত ৰে’ল কৰ্মীয়ে পালন কৰিলে ছহীদ দিৱস

WhatsApp Image 2022 09 19 at 18.22.26

SHAHID DIWAS : প্ৰতি বছৰৰ দৰে এইবাৰো ১৯ ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ দেশতে অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনৰ আহ্বান মৰ্মে ছহীদ দিৱস হিচাপে পালন কৰা হয় । উত্তৰ-পূৱ সীমান্ত ৰে’লতো এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সমূহ শাখাই দিনজোৰা কাৰ্যসূচীৰে ছহীদ দিৱস পালন কৰে। এই উপলক্ষে মালিগাওঁ শাখাৰ দ্বাৰা শাখা কাৰ্যালয়ত আয়োজিত ছহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি ইউনিয়নৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি তথা কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাজীব বৰাই আৰু ছহীদ বেদীত শ্ৰদ্ধা অৰ্পন কৰে শাখা সম্পাদক সৌৰভ শইকীয়াই । শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পাছতেই ইউনিয়নৰ সদস্যসকলে শাখা কাৰ্যালয়ৰ পৰা ৰে’লৱে সদৰ কাৰ্যালয়লৈ শোভাযাত্ৰা উলিয়ায় ।

শোভাযাত্ৰাৰ অন্তত মালিগাওঁ শাখাৰ যুটীয়া সম্পাদক পংকজ কলিতাই আঁত ধৰা সোৱঁৰণী সভাত ইউনিয়নৰ কেন্দ্ৰীয় নেতা পীযুষ চক্ৰৱৰ্তী, কণক বৰ্মণ, উত্তম ভট্টাচাৰ্য, ৰাজীৱ বৰা, নেকিবুৰ জামান,ধীৰাজ চৌধুৰীৰ উপৰিও জইণ্ট কাউঞ্চিল অফ ট্ৰেড ইউনিয়নৰ আহ্বায়ক ভবেন কলিতাই ছহীদ দিৱসৰ তাৎপৰ্য ডাঙি ধৰি কয়, দেশৰ ৰে’ল শ্ৰমিক তথা অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ প্ৰয়োজনভিত্তিক নুন্যতম দৰমহা, মৰগীয়া ভাট্টা, চাকৰিকেন্দ্ৰীক প্ৰয়োজনীয় সা-সুবিধাৰ পৰা ইচ্ছাকৃতভাৱে কৰ্তৃপক্ষই বঞ্ছিত কৰি ৰখাৰ প্ৰতিবাদ কল্পে ১৯৬৮ চনৰ ১৯ ছেপ্তম্বৰত হোৱা দেশজোৰা ধৰ্মঘটত ৯ গৰাকী শ্ৰমিকক পুলিচ বাহিনীয়ে গুলিয়াই হত্যা কৰিছিল ।

ইয়াৰ আগেয়েও ১৯৬০ চনত হোৱা ধৰ্মঘটতো ৫ জন শ্ৰমিক ছহীদ হ’বলগীয়া হৈছিল । একেদৰে ১৯৭৪ৰ ধৰ্মঘটত ৪ গৰাকী আন্দোলনকাৰীয়ে জীৱন আহুতি দিব লগা হৈছিল ।তেওঁলোকে কয় যে এন এফ ৰেলৱেতো ‘৬০, ‘৬৮, ৭৪ ৰ আন্দোলন সৰ্বাত্মক ভাবে সফল হৈছিল ।এই ঐতিহাসিক আন্দোলনত অংশ গ্ৰহণ কৰাৰ অপৰাধত কৰ্তৃপক্ষই হাজাৰ হাজাৰ ৰে’ল কৰ্মচাৰীক নিলম্বন, বৰ্খাস্ত কৰাৰ উপৰিও আন্দোলনকাৰীক গ্ৰেপ্তাৰো কৰিছিল । তদুপৰি অসমৰ দুগৰাকী আন্দোলনকাৰী বঙাইগাৱঁৰ পৰেশ সান্যাল আৰু মৰিয়নীৰ ৰমেন আচাৰ্যীপুলিচৰ গুলিত নিহত হ’বলগীয়া হৈছিল ।

নেতাসকলে তেওঁলোকৰ বক্তব্যত কয় যে এই সকল ছহীদৰ বিনিময়ত কেন্দ্ৰীয় চাকৰিয়ালে আজিও মৰগীয়া ভাট্টাকে আদি কৰি আন আন সুবিধা সমূহ পাই আছে। সেয়েহে যিসকল ৰে’লৱে মজদুৰে সমগ্ৰ শ্ৰমিকৰ স্বাৰ্থত নিজৰ জীৱন উছৰ্গা কৰি ইতিহাস ৰচি থৈ গৈছে – সেই সকলৰ আদৰ্শ আৰু ত্যাগৰ চানেকিৰে যাতে নতুন চাম শ্ৰমিক-কৰ্মচাৰী আগবাঢ়ি যাবলৈ প্ৰেৰণা পাই , এই উদ্যেশ্যেৰে প্ৰতি বছৰে আমি “ছহীদ দিৱস” পালন কৰি আহিছো-নেতা সকলে কয় । তেওঁলোকে বিজেপি চৰকাৰক কংগ্ৰেছ চৰকাৰৰ নীতি অনুসৰণ নকৰিবলৈ সকিয়াই দিয়ে । সন্ধিয়া ৰে’লৰ সদৰ কাৰ্যালয়ৰ সন্মুখত ৰে’ল কৰ্মী সকলে বন্তি প্ৰজ্বলন কৰা হয় ।

Exit mobile version