বটদ্ৰৱা থানাৰ অগ্নিসংযোগৰ অন্যতম অভিযুক্ত ছফিকুল ইছলামক গ্ৰেপ্তাৰ

WhatsApp Image 2022 09 21 at 14.24.48

বটদ্ৰৱা থানাৰ অগ্নিসংযোগৰ ঘটনাৰে জড়িত অন্যতম অভিযুক্ত ছফিকুল ইছলামক গ্ৰেপ্তাৰ ।

মঙলবাৰে নিশা নগাঁও আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত চাৰি মাহ ধৰি পলাতক হৈ থকা ধৃত ছফিকুলক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, দীৰ্ঘ দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি থকা ছফিকুলে মৈৰাবাৰীৰ এটা ইটাভাটাত শ্ৰমিক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ অনুসন্ধানত বটদ্ৰৱা থানাৰ অগ্নিসংযোগ কৰা ঘটনাত জড়িত থকা ছফিকুলৰ ঘৰ বটদ্ৰৱাৰ হাইডুবি ৰিজাৰ্ভত আছিল যদিও ঘটনা সংঘটিত হোৱা দিন ধৰি ধৃত ছফিকুল পলাতক হৈ আছিল ।

বৰ্তমান ছফিকুলক নগাঁও সদৰ আৰক্ষী থানাত মাৰাথন জেৰা চলাই থকা হৈছে ।

Exit mobile version