বাগ্‌সাৰ জালাহত ‘৪২ৰ ছহিদ মদন-ৰাউতাৰ ৮০ সংখ্যক ছহিদ দিৱস উদযাপন

WhatsApp Image 2022 09 25 at 18.57.21

আজি ২৫ ছেপ্তেম্বৰ ৷ ‘৪২ৰ ভাৰত ত্যাগ আন্দোলনত বাগ্‌সা বজালীবাসীৰ বাবে এটা চিৰস্মৰণীয় দিন ৷ ১৯৪২ৰ আজিৰ দিনটোতে পাটাছাৰকুছি আৰক্ষী থানাৰ তদানীন্তন দাৰোগা তুলামাৰ কেওঁট আৰু চিপাহী চালামৎ আলীৰ গুলীত বজালীৰ ৰিহাবাৰীত দেশৰ হ’কে আত্মাহুতি দি ছহিদ হৈছিল মদন বৰ্মণ আৰু ৰাউতা ৰাম কোচ ৷ এই দুই ছহিদৰ স্মৃতি ৰক্ষাৰ্থে আজি বাগ্‌সাৰ জালাহত প্ৰাচীন বজালী ঐতিহ্য-সংহতি সুৰক্ষা সমিতিৰ উদ্যোগত আৰু জালাহ শাখাৰ সহযোগত দিনযোৰা কাৰ্যসূূচীৰে উদযাপন কৰা হয় ৮০ সংখ্যক মদন-ৰাউতা ছহিদ দিৱস ৷ এই উপলক্ষে ৰাতিপুৱা প্ৰাক্তন বজালী ঐতিহ্য সুৰক্ষা সমিতিৰ সভাপতি মুৰাৰি মোহন দত্তই ৰাতিপুৱা ছহিদ দিৱসৰ পতাকা উত্তোলনৰ পাছতে মদন-ৰাউতাৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷

ক্ৰমে প্ৰাৰ্থনা, গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা আদি অনুষ্ঠিত হয় ৷ আবেলি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভাস্কৰদ্বীপ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত “আহুতি” নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে কটন মহাবিদ্যালয়ৰ অধ্যাপক ড° ধ্ৰুৱজ্যোতি দাসে ৷ সভাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা, বি এইচ কলেজৰ প্ৰাক্তন অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষত দিলীপ কুমাৰ দাস, ড° ধ্ৰুৱজ্যোতি দাস আদিসকলে ভাষণ প্ৰদান কৰে ৷

ছহিদ দিৱসৰ কাৰ্যসূচীত স্বাধীনতা আন্দোলনত দেশৰ হকে ত্যাগ স্বীকাৰ কৰা বজালীৰ বিভিন্ন পৰিয়ালৰ লোককো আজি সম্বৰ্দ্ধনা জনোৱা হয় ৷ আনহাতে,‌ ৪২ৰ ভাৰত ত্যাগ আন্দোলনত বজালীৰ অৱদান শীৰ্ষক অসম ভিত্তিত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত তিনি প্ৰতিযোগীক মানপত্ৰ আৰু নগদ ধনৰ বঁটা প্ৰদান কৰা হয় ৷ সন্ধিয়া বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

Exit mobile version