সৰ্বশিক্ষাৰ আৱাসিক কৰ্মচাৰীসকল চাৰি মাহে দৰমহাৰ পৰা বঞ্চিত

অহা ৩০ ছেপ্টেম্বৰ পৰা সৰ্বশিক্ষাৰ কার্যয়লৰ সন্মুখত অনিৰ্দিষ্টকালিন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ সকীয়নি

WhatsApp Image 2022 09 25 at 15.03.06

এক প্ৰেছ বিবৃতিযোগে সদৌ অসম আৱাসিক বিষয়ে প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ সভাপতি আব্দুৰ ৰাজিব আৰু সম্পাদক তনু সিঙে জনায় যে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সামান্য মাননিৰ বিনিময়ত কৰ্মৰত প্ৰায় সাতশ কৰ্মচাৰীক আজি চাৰি মাহ ধৰি সেই মাননীও প্ৰদান কৰা নাই মিছন কৰ্তৃপক্ষই । অতি দুখৰ বিষয় আজি ৪মাহে মাহিলী মাননী নোপোৱাৰ ফলত কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা । বিভিন্ন সময় মিছন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পাছতো কোনো ধৰণৰ সঁহাৰি নোপোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কৰ্মচাৰী সংস্থাই । সমগ্ৰ শিক্ষা অভিযান মিছনৰ চৰম গাফিলতিৰ ফলত ভুক্তভোগী হৈছে সাতশ কৰ্মীৰ পৰিয়াল ।

২৪ ঘণ্টা কেন্দ্ৰত থাকি অতি কষ্টৰে নিজৰ দায়িত্ব পালন কৰাৰ পাছতো পাবলগীয়া সামান্য মাননীখিনিও সময়মতে নিদিয়ে সমগ্ৰ শিক্ষা অসমে । কাৰ গাফিলতিৰ ফলত এই কৰ্মচাৰীসকলে মাহৰ পাছত মাহ ধৰি মাননীখিনি পোৱাৰ পৰা বঞ্চিত হয় ইয়াৰ সঠিক তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাইছে সদৌ অসম আৱাসিক বিষয়ে প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাই ।

মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগত সংস্কাৰ আনিবলৈ চেষ্টা কৰাৰ মাজতে কিছুমান আমোলা, বিষয়া কৰ্মচাৰীৰ গাফিলতি আৰু কিছুমান অদক্ষ বিষয়াৰ কাৰণে সদায় লজ্জানত হ’বলগা হয় অসমৰ শিক্ষা বিভাগে । আগন্তুক দুৰ্গা পূজাৰ আগত মাননীখিনি মুকলি কৰি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সংস্থাই অনুৰোধ জনাইছে । সৰ্বশিক্ষাৰ বিভিন্ন ভুলৰ কাৰণে এই সাতশ কৰ্মীৰ জীৱনলৈ নামি আহিছে কাল ধুমুহা ।

সৰ্বশিক্ষা কৰ্তৃপক্ষই অহা ৩০ তাৰিখৰ আগত আমাৰ কৰ্মীসকলৰ মাননীখিনি মুকলি কৰি নিদিলে ৩০ ছেপ্টেম্বৰৰ পৰা সৰ্বশিক্ষাৰ কার্যয়লৰ সন্মুখত অনিৰ্দিষ্টকালিন ঘেৰাও কাৰ্য্যসূচী ল’বলৈ বাধ্য হ’ব সংস্থা । সংস্থাটোৱে লগতে কয় যে কার্যালয়ৰ সন্মুখতে দুৰ্গা দেৱী সংস্থাপন কৰি পৰিয়ালসহ পূজা পালন কৰিবলৈ বাধ্য হ’ব সকলো কৰ্মচাৰী ।

Exit mobile version