Delhi : ছেপ্টেম্বৰতেই কুঁৱলীয়ে ঢাকিলে দিল্লীৰ আকাশ !

দৃশ্যমানতা নামিল পাঁচশ মিটাৰৰ তলত

WhatsApp Image 2022 09 26 at 18.40.35

Delhi : বিগত তিনি দিন ধৰি বৃষ্টিপাতত নাজল-নাথল অৱস্থা হৈছিল দিল্লীৰ । বৰষুণ ৰখিছে, কিন্তু সোমবাৰৰ পুৱা ৰাজধানীৰ টোপনি ভাঙিছে কুঁৱলী দেখিয়ে । স্থানীয়সকলৰ মতে, সাধাৰণতে ছেপ্টেম্বৰত ইয়াৰ পূৰ্বে কেতিয়াও এনে কুঁৱলী দেখা নাই তেওঁলোকে ।

ক’ৰবাত ঘন কুঁৱলী দেখা গৈছে, ক’ৰবাত আকৌ পাতল চাদৰৰ দৰে । ঘন কুঁৱলী দেখা গৈছে ৰিং ৰোড, বিমানবন্দৰ, ছর্দাৰ পটেল মার্গ, অক্ষৰধাম আৰু গীতা কল’নিত । অৱশ্যে দিল্লীৰ ওচৰ-পাজৰৰ অঞ্চলতো একেই দৃশ্য দেখা গৈছে । ৰাজধানীৰ কোনো কোনো ঠাইত দৃশ্যমানতা পাঁচশ মিটাৰৰ তলত নামিছে । যদিও ইয়াৰ ফলত বিমান আৰু যান চলাচলত কোনো প্রভাৱ পৰা নাই ।

অৱশ্যে ৰাজধানীৰ এয়াৰ কোৱালিটি ইনডেক্স (একিউআই) বা বাশতাহৰ স্বাস্থ্যৰ অৱস্থা সোমবাৰে কিন্তু বহু পৰিমাণে বেয়া হৈছে । পঞ্জাৱী বাগত একিউআই ১৭৪ । আনহাতে, গাজিয়াবাদতো একেই অৱস্থা । কিন্তু ছেপ্টেম্বৰত হঠাৎ এনে কুঁৱলীৰ পুৱা দেখি দিল্লীবাসী আচৰিত হৈছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, প্ৰবল বৰষুণ নহ’লেও আকাশ ডাৱৰীয়া হৈছে থাকিব আগন্তুক কিছু দিনলৈকে । পাতল বৰষুণো হ’ব পাৰে ।

Exit mobile version