GHULAM NABI AZAD LAUNCHES DEMOCRATIC AZAD PARTY : গোলাম নবী আজাদে অৱশেষত ঘোষণা কৰিলে নতুন দলৰ নাম

ডেমক্ৰেটিক আজাদ পাৰ্টি" হ'ব নতুন দল

WhatsApp Image 2022 09 26 at 17.50.35

GHULAM NABI AZAD LAUNCHES DEMOCRATIC AZAD PARTY :  কংগ্ৰেছ পৰা পদত্যাগ কৰাৰ পিছত সকলো জল্পনা কল্পনা অন্ত পেলাই সদ্যত্যাগী জ্যেষ্ঠ ৰাজনীতিক গোলাম নৱী আজাদে ঘোষণা কৰে নতুন দলৰ নাম ৷ সোমবাৰে এক সংবাদমেলত জম্মু- কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে আনুষ্ঠানিকভাৱে ডেমক্ৰেটিক আজাদ পাৰ্টিৰ নাম ঘোষণা কৰাৰ লগতে দলৰ পতাকাও মুকলি কৰে ৷

আজাদে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ এমাহৰ পিছত নতুন দলটোৰ নাম ঘোষণা কৰি আজাদে কয় যে সংগঠনটো ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গান্ধীবাদৰ মতাদৰ্শৰে পৰিচালিত হ’ব বুলি প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে দেওবাৰে আজাদে তেওঁৰ কৰ্মী আৰু নেতাসকলৰ সৈতে মিলিত হৈছিল এক বৈঠকত। কংগ্ৰেছ ত্যাগ কৰাৰ পিছত জম্মুত অনুষ্ঠিত এখন ৰাজহুৱা সভাতে নতুন ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল যিয়ে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব দিব বুলি দোহাৰিছিল । সংবাদমেলত জ্যেষ্ঠ ৰাজনীতিক গৰাকীয়ে কয়,

নৱ গঠিত ডেমক্ৰেটিক আজাদ পাৰ্টিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জম্মু আৰু কাশ্মীৰত দলৰ সাংগাঠনিক পৰিসৰ বৃদ্ধি কৰিব বুলি মন্তব্য কৰি কয়, “মোৰ দলে স্থানীয় বাসিন্দাসকলৰ বাবে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা, ভূমি অধিকাৰ আৰু নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আনহাতে “কংগ্ৰেছ আমাৰ তেজৰে সৃষ্টি কৰা হৈছিল, কম্পিউটাৰৰ জৰিয়তে নহয়, টুইটাৰৰ জৰিয়তে নহয়। মানুহে আমাক বদনাম কৰিবলৈ চেষ্টা কৰি আছে কিন্তু তেওঁলোকৰ উপলব্ধি কম্পিউটাৰ আৰু টুইটত সীমাবদ্ধ। সেইকাৰণে কংগ্ৰেছক মাটিত ক’তো দেখা নাযায় । জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে জম্মুৰ সৈনিক কলনীত তেওঁৰ প্ৰথম ৰাজহুৱা সভা সম্বোধন কৰিছিল।
স্মতৰ্ৱ্য যে গোলাম নবী আজাদ ২০০৫ চনৰ পৰা ২০০৮ চনলৈ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল।

এমাহ পূৰ্বে কংগ্ৰেছ ত্যাগৰ বাবে ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত তেওঁ দলৰ নেতৃত্ব, বিশেষকৈ ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল, যি ধৰণে যোৱা  ন বছৰত দলটো চলি আছিল । ছোনিয়া গান্ধীক সমালোচনা কৰাৰ লগতে তেওঁৰ আটাইতকৈ তীক্ষ্ণ আক্ৰমণ ৰাহুল গান্ধীৰ ওপৰত আছিল আৰু আজাদে ৰাহুলক সংসদত “অ-গুৰুতৰ ব্যক্তি” আৰু “অপৰিপক্ক” বুলি বৰ্ণনা কৰিছিল।

Exit mobile version