MASSIVE LANDSLIDE DAMAGES DAM WALL IN SUBANSIRI : জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

মুল বান্ধৰ ওপৰেৰে বৈছে পানী,পাৱাৰ হাউচত ভয়ংকৰ ৰূপ ,বান্ধলৈ যোৱা পথ বিচ্ছিন্ন ,ছয় সহস্ৰাধিক শ্ৰমিকলৈ নামি আহিছে সংশয়

WhatsApp Image 2022 09 26 at 20.12.50

MASSIVE LANDSLIDE DAMAGES DAM WALL IN SUBANSIRI :  অৰুণাচল প্ৰদেশত হোৱা মূষলধাৰ বৰষুণৰ ফলত গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ নামি আহিছে ভয়ংকৰ ভাবুকি ৷ সপ্তাহদিন ধৰি ইটোৰ পিছত সিটো ধাৰাবাহিক অঘটন সংঘটিত হৈছে এন এইছ পি চিৰ প্ৰকল্পটোলৈ। নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে পাহাৰৰ পৰা নামি অহা ঢলে প্ৰকল্প স্থলীৰ সুৰঙ্গ খহাই বৃহৎ গাঁতৰ সৃষ্টি কৰে । আনকি নটা গেইটৰ নিলগৰ পাহাৰত সংঘটিত হোৱা ভূমিস্খলনে পাৱাৰ হাউছক সুৰক্ষিত কৰিবলৈ নিৰ্মাণ কৰা বৃহৎ গাৰ্ডৱাল নিমিষতে ভাঙি আজি মূলবান্ধলৈ যোৱা পথ খহি বিচ্ছিন্ন হয় ।

নামনি সোৱনশিৰি পৰীয়া ৰাইজৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনাৰ পিছত আজি ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তথা স্থানীয় যুৱক ৰিতুপৰ্ণ কোঁচে সাংবাদিকৰ আগত কয়-  ২০০০ চনত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰা  হস্তান্তৰ কৰাৰ পৰাই কেৱল বৃহৎ নদীবান্ধৰ পোষকতা কৰিছিল এন এইচ পি চিৰ
য়ে। ২০০১ চনত ৭৪০২.৬৯ কোটি টকা ধাৰ্য কৰা নদীবান্ধটো ২০১২ চনত সম্পূৰ্ণ কৰাৰ কথা আছিল যদিও ২০০৬ চনত ৰাইজে বুজি উঠে ৰাইজে ২০০০ মেগৱাট ক্ষমতা সম্পন্ন আৰু ১২৫ মিটাৰ উচ্চতাৰ জলবিদ্যুৎ প্ৰকল্পৰ ভয়াবহৰ কথা। তাৰ পিছতে আছুকে ধৰি বহু জাতীয় সংগঠন, আনফালে এজেৱাইচিপি-কৃষক মুক্তিৰ ধৰি পৃথককৈ যৌথ মঞ্চৰ উদ্যোগত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে গৰজি উঠে।

আনহাতে বিশেষজ্ঞ প্ৰতিবেদনৰ মতে ইয়াৰ উচিত তদন্ত নোহোৱালৈকে  ২০১১ চনৰ পৰা ২০১৪ চনলৈ বন্ধ ৰাখিব লগীয়া হৈছিল নদীবান্ধৰ কাম। ইয়াৰ পিছতে নদীবান্ধ আন্দোলনৰ লগত চামিল হোৱা আৰু বিজেপি দলে কংগ্ৰেছ দলক পৰাভূত কৰাৰ পিছতে ছেগা-চোৰোকাকৈ নদীবান্ধৰ লবী গ্ৰহণ কৰে। একদৰে নদীবান্ধ আন্দোলনক স্তিমৃত কৰি আৰম্ভ কৰিলে পুনৰ নদীবান্ধৰ কাম। যাৰ ফলস্বৰুপে আজি সম্পূৰ্ণ হোৱাৰ দিশে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম। কিন্তু অৱশেষত ৰুষ্ট প্ৰকৃতিৰ ৰোষত বৃহৎ নদীবান্ধ নিৰ্মাণ সংস্থা এন এইচ পি চি বুলি উল্লেখ কৰে আছু নেতা গৰাকীয়ে।

একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰঞ্জন বৰাই কয়- সম্পত্তি  ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ মুৰ্তি প্ৰত্যক্ষ কৰি পলায়ন কৰিবলৈ বাধ্য এন এইচ পি চিৰ কাৰিকৰী বিশেষজ্ঞ, বিষয়া আদি। ৬০০০ শ্ৰমিকে ভূগিব লাগিব অনিশ্চয়তাৰ ভৱিষ্যত বুলি মন্তব্য ব্যক্ত কৰে নেতা গৰাকীয়ে । এন এইচ পি চিত কৰ্মৰত খিলঞ্জীয়া বহু শ্ৰমিক আজিও পণবন্দী বুলি উল্লেখ কৰি সময়ত সকলোৱে বুজি উঠিব বুলি সদৰি কৰে নেতা গৰাকীয়ে।

Exit mobile version