Iran : মাহশাৰ মৃত্যুত জ্বলিছে ইৰান, হিজাব বিৰোধী বিক্ষোভত নিহতৰ সংখ্যা ৭৫, গ্রেপ্তাৰ সহস্ৰাধিক

WhatsApp Image 2022 09 27 at 17.54.33 1

Iran : বিক্ষোভৰ জুই জ্বলিছে ইৰানত । হিজাব বিৰোধী বিক্ষোভ দমন কৰিবলৈ তৎপৰ প্রশাসন । অগ্নিগর্ভ পৰিস্থিতিত ইৰানত মৃত্যুসমদল অব্যাহত । বিক্ষোভত অংশগ্ৰহণ কৰি ৭৫ জনৰো অধিক লোক নিহত হৈছে বুলি দাবী ইৰানৰ মানৱ অধিকাৰ সংগঠনৰ । যদিও চৰকাৰীভাৱে জনোৱা হৈছে মৃতৰ সংখ্যা ৪১ ।

মাহশা আমিনিৰ মৃত্যুৰ প্রতিবাদত উত্তাল ইৰান । বিক্ষোভকাৰীসকলক দমন কৰিবলৈ ব্যাপক আটক অভিযান হৈছে সেই দেশত । সোমবাৰে প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে, ১২০০ জনৰো অধিক বিক্ষোভকাৰীক গ্রেপ্তাৰ কৰা হৈছে ।

যিসকলে অশান্ত পৰিৱেশ সৃষ্টি কৰাত উদগনি যোগাইছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি দেওবাৰে বার্তা দিছে ইৰান চৰকাৰে । কোনো কাৰণতেই বিক্ষোভ যে কৰা নহ’ব, বুলি বার্তা দিছিল ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইজে ।

ইৰানৰ কুর্দিস্তানৰ পৰা ৰাজধানী তেহৰানলৈ গৈছিল ২২ বছৰৰ মাহশা । সেই সময়ত তেওঁলোকক পথত ৰখায় নীতি আৰক্ষীয়ে । হিজাব পৰিধান নকৰাকৈ বাহিৰত ওলাইছিল মাহশাই, এই অভিযোগত তেওঁক আটক কৰে নীতি আৰক্ষীৰ দলে । ইয়াৰ পাছতেই হিফাজতত ৰহস্যজনকভাৱে মৃত্যু হয় তেওঁৰ ।

আৰক্ষীৰ অত্যাচাৰতেই মাহশাৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপিত হৈছে । যদিও প্রশাসনৰ তৰফৰ পৰা দাবী কৰা হৈছে, হৃদ্‌ৰোগত মৃত্যু হৈছে যুৱতীগৰাকীৰ । এই ঘটনা প্রকাশ্যত অহাৰ পাছতেই সমগ্ৰ ইৰানত বিক্ষোভ আৰম্ভ হৈছে ।

Exit mobile version