ASSAM BANDH CALL HASBEEN CALLED BY THE EX.NDFB : ২০০৮ৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মুল খলনায়ক ৰঞ্জন দৈমাৰীক কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ প্ৰতিবাদত আজি প্ৰাক্তন এন ডিএফ বিয়ে ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰে ৷ আনহাতে এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়ন,বড়ো ওমেন জাষ্টিষ্ট ফ’ৰাম,বড়ো পিপুলচ কমিটি ফৰ পিচ ইনটেটিভ আৰু চ’ছাইটি ফৰ ইনজিনিয়াছ পিপুলছ ৰাইটছ ৷ বোমা বিস্ফোৰণৰে ৮০ জনকৈ নিৰীহ লোকৰ প্ৰাণ লোৱা দৈমাৰীৰ সমৰ্থনত বন্ধ ঘোষণা পৰা কাৰ্য সহজভাৱে লোৱা নাই বিভিন্ন দল -সংগঠন আৰু সচেতন ৰাইজ ৷
উল্লেখ্য যে মহানগৰীৰ সদাব্যস্ত গণেশগুৰি,পাণবজাৰ,বৰপেটা ৰোড,বঙাইগাঁও আৰু কোকোৰাঝাৰত ভৰদুপৰীয়া সংঘটিত ভয়াৱহ বোমা বিস্ফোৰণত নিহত হয় ৮০ জনকৈ নিৰীহ আৰু আহত হয় পাচঁশৰো অধিক৷পংগু হয় অৰ্ধ শতাধিক ৷ একেদৰে চিৰদিনৰ বাবে নিথৰুৱা হৈছিল বহু পৰিয়াল ৷ ভয়ংকৰ বোমা বিস্ফোৰণৰ খলনায়ক সমৰ্থনত আজি প্ৰাক্তন এন ডি এফ বি-এ আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ কোকোৰাঝাৰ সহ বিটি আৰৰ কিছু অঞ্চলত আংশিক প্ৰভাৱ পৰাৰ বিপৰীতে ৰাজ্যৰ কোনো ঠাইত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই ৷ আৰক্ষীয়ে বন্ধৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ ঠায়ে ঠায়ে নিৰাপত্তামুলক ব্যৱস্থা গ্ৰহণ কৰে ৷