PFI BANNED :; অৱশেষত নিষিদ্ধ হ’ল কট্টৰ ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া,কেন্দ্ৰই নিষিদ্ধ কৰিলে পাঁচবছৰলৈ

কেন্দ্ৰৰ সিদ্ধান্তক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, স্বাগতম জনালে আজমেৰ দৰগাহৰ মুৰব্বীয়ে

WhatsApp Image 2022 09 28 at 11.00.20

PFI BANNED : উপসাগৰীয় একাংশ দেশৰ পৰা সন্ত্ৰাসবাদীৰ পুঁজি আৰু অন্যান্য কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত যোৱা এপষেক দিন ধৰি সমগ্ৰ দেশত কট্টৰ ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে নিয়াই মাৰাথন অভিযান চলাই আটক কৰিছিল দুই শতাধিকৰো অধিক নেতা- কৰ্মীক৷অৱশেষত আজি কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ সমগ্ৰ দেশতে পি এফ আইক পাঁচবছৰলৈ নিষিদ্ধ ঘোষণা কৰে ৷

ইতিমধ্যে গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে৷ এই সম্পৰ্কীয় জাননী  ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে পিএফ আইৰ লগতে সংগঠনটোৰ সহযোগী সংগঠন অল ইণ্ডিয়া ইমাম কাউন্সিল, নেচনেল কনফেডাৰেচন অফ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল উইমেনফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, কেৰেলাৰ এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন আৰু ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াকো নিষিদ্ধ কৰে ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)য়ে দক্ষিণ ভাৰত,অসম সহ পোন্ধৰ খন ৰাজ্যৰ আৰক্ষীৰ সহযোগত পিএফ আইৰ বিৰুদ্ধে চলিত মাহৰ মাজভাগৰ পৰা ব্যাপক অভিযান চলাই আটক কৰিছিল ডেৰশৰো অধিক পিএএফ আই নেতা- কৰ্মীক ৷ আনহাতে মঙলবাৰে পুনৰ অসম ,উত্তৰ প্ৰদেশ,মধ্য প্ৰদেশ, কৰ্ণাটক, গুজৰাট, দিল্লী, মহাৰাষ্ট্ৰ ২৩০ অধিক পিএফ আই কৰ্মকৰ্তাক গ্ৰেপ্তাৰ কৰে। অসমতো মঙলবাৰে নামনি অসমত নিয়াই আৰক্ষীৰ সৈতে অভিযান চলাই আটক কৰে ২৫ জনকৈ পিএফ আই সদস্যক ৷

মনকৰিবলগীয়া যে অসম চৰকাৰে পিএফআইক নিষিদ্ধ কৰাৰ দাবী সম্বলিত প্ৰস্তাৱ গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছিল যোৱা পষেকত ৷ কেন্দ্ৰীয় চৰকাৰে পিএফ আইক নিষিদ্ধ ঘোষণা কৰা সিদ্ধান্তক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই৷আনহাতে ৰাজস্থানৰ ঐতিহ্যমণ্ডিত আজমেৰ দৰগাহৰ মুৰব্বী জয়নুল আবেদিন আলী খানেও কেন্দ্ৰৰ পদক্ষেপক আদৰণি জনাই এইয়া চৰকাৰৰ সময়োচিত সিদ্ধান্ত বুলি মন্তব্য প্ৰকাশ কৰে ৷

Exit mobile version