ASHOK GEHLOT NOT CONTESTING AS CONGRESS PRESIDENT : কংগ্রেছ সভাপতিৰ দৌৰত নাই অশোক গেহলট

স্পষ্ট কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে

WhatsApp Image 2022 09 29 at 20.35.52

ASHOK GEHLOT NOT CONTESTING AS CONGRESS PRESIDENT : কংগ্ৰেছৰ সভাপতি কোন হ’ব এই লৈ কংগ্ৰেছ মহলত ব্যাপক চৰ্চা চলি থকাৰ মাজতে বৃহস্পতিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘোষণা কৰে যে তেওঁ কংগ্ৰেছৰ মুৰব্বী পদত প্ৰতিদ্বন্দিতা নকৰে। প্ৰবীণ নেতাগৰাকীয়ে নতুন দিল্লী ১০ জনপথত থকা কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনীয়া গান্ধীক তেওঁৰ বাসগৃহত দলৰ অন্তৱৰ্তীকালীন মুৰব্বী ছোনিয়া গান্ধীক লগ কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে, “মই কোচিত ৰাহুল গান্ধীক লগ পাইছিলো আৰু তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুৰোধ কৰিছিলো (কংগ্ৰেছ সভাপতিৰ বাবে) । যেতিয়া তেওঁ সন্মত হোৱা নাছিল, মই কৈছিলো যে মই প্ৰতিদ্বন্দিতা কৰিম কিন্তু এতিয়া সেই ঘটনাৰ (ৰাজস্থানৰ ৰাজনৈতিক সংকট) সৈতে, মই নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছো,” মুখ্যমন্ত্ৰী গেহলটে কয়।

গেহলটে ৰাজ্যখনত সম্ভাৱ্য নেতৃত্ব পৰিৱৰ্তনৰ বাবে ৰাজস্থানত তেওঁৰ অনুগতসকলৰ দ্বাৰা সৃষ্টি হোৱা হুলস্থূলৰ বাবে ক্ষমা বিচাৰিছিল যিহেতু তেওঁ কংগ্ৰেছ ৰ মুৰব্বীৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰস্তুত হৈছিল। গেহলটে আৰু কয় যে, যোৱা দুদিনত ৰাজ্যখনত যি ঘটিছে সেয়া সকলোকে হতবাক কৰি তুলিছে। “মই কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ সৈতে কথা পাতিছো। দুদিন আগতে যি ঘটিছিল সেয়া আমাক হতবাক কৰিছিল। এইটোৱে এটা বাৰ্তা দিছিল যে এই সকলোবোৰ ঘটিছিল কাৰণ মই মুখ্যমন্ত্ৰী হ’ব বিচাৰিছিলো। মই তেওঁৰ ওচৰত ক্ষমা বিচাৰিছো ৷

সাংবাদিকসকলক সম্বোধন কৰি গেহলটে কয় , “মই এই পৰিৱেশত নৈতিক দায়বদ্ধতাৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো,” তেওঁ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে থাকিব নেকি বুলি সোধাত গেহলটে কয়, “মই এই সন্দৰ্ভত একো নকও, কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীয়ে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব।”

আনহাতে আজি মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি কয় যে কাইলৈ পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব । একেদৰে আন এজন জ্যেষ্ঠ নেতা,কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ঘোষণা কৰিছে যে তেওঁ কাইলৈ দুপৰীয়া ১২.১৫ বজাত এই পদৰ বাবে মনোনয়ন দাখিল কৰিব। উল্লেখ্য যে কংগ্ৰেছৰ শীৰ্ষ পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ৩০ ছেপ্টেম্বৰ আৰু ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব নিৰ্বাচন ।

Exit mobile version