আপুনি বাৰু পৃথিৱীৰ বৃহৎকায় ফুলপাহৰ কথা জানেনে ?

worlds largest flower

দক্ষিণ-পূৱ এচিয়াৰ বৃষ্টিচ্ছায় অৰণ্যত পোৱা এবিধ ফুল , যি ফুলে আজিলৈকে কোনো মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই । বিপৰীতে মানুহ এই ফুল পাহক লৈ আতংকিত হোৱাহে দেখা যায় । এই ফুল পাহেই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ আকাৰৰ ফুল । নাম হৈছে ৰাফ্লেছিয়া ।

পৰজীৱি এই ফুলে আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে । মাত্ৰ কেইদিন জীয়াই থকা এই ফুল সম্প্ৰতি ইন্দোনেছিয়াৰ বৰ্ষাৰণ্যত দেখা পোৱা গৈছে । মানুহ এই ফুল দেখিলে আতংকিত হোৱাৰ কাৰণ হৈছে ই দেখিবলৈ অতি ভয়ংকৰ । আৰু ইয়াৰ পৰা নিৰ্গত হোৱা গোন্ধ খুবেই বেয়া ।

এই ফুলৰ কাষেৰে গ’লে ইমানেই দুৰ্গন্ধ ওলাই যে , পেটৰ পৰা সকলো ওলাই যোৱাৰ উপক্ৰম হয় । মাত্ৰ কেইটামান দিনৰ বাবে ফুলা এই ফুলৰ গোন্ধ বহু দূৰলৈকে বিয়পি থাকে ।
ৰঙা ৰঙৰ এই ফুলৰ মাত্ৰ পাঁচটা পাপৰি থাকে । গোন্ধৰ প্ৰকোপতে এই ফুলৰ পৰা মানুহ আতৰি থকা দেখা যায় আৰু পৃথিৱীৰ বৃহকায় ফুল হলেও সততে মানুহে এই ফুল চোৱাৰ ইচ্ছা নকৰে ।

Exit mobile version