পুৱা শুই উঠি কফিৰ কাপত চুমুক নিদিলে যেন টোপনিয়ে নাভাঙে । গোটেই দিন কামৰ মাজত ক্লান্তি দূৰ কৰিবলৈ চাহ বা কফি নাখালে যেন তাজা অনুভৱ নহয় । কফিপ্রেমী হ’লেতো দিনে কেই কাপ কফি খাই পেলাই তাৰ খবৰ নাথাকে ।
কফি যে শৰীৰৰ বাবে ক্ষতিকৰ তেনে একেবাৰে নহয় । মানসিক চাপ দূৰ কৰাৰ পৰা আৰম্ভ কৰি ওজন কমোৱা পর্যন্ত— কফিৰ গুণৰ বাহুল্য আছে । অৱশ্যে মাত্রাধিক কফি খোৱাৰ অভ্যাসে মাতি আনিব পাৰে বিপদ ।
চিকিৎসকসকলৰ মতে, যিমান ইচ্ছা কফি খাব নোৱাৰি । কফিৰ প্রধান উপাদান হ’ল কেফিন । কফিৰ উপকাৰিতা পাবলৈ, সঠিক পৰিমাণে খাব লাগিব । এজন সুস্থ প্রাপ্তবয়স্ক লোকে চাৰিশ মিলিগ্রাম পর্যন্ত কফি খাব পাৰে ।
একাপ কফিত প্রায় ৭০ৰ পৰা ১৪০ মিলিগ্রাম কেফিন থাকে । কফি খোৱাৰ সময়ত এই পৰিমাণ পাহৰি যাব নোৱাৰি । একাপ কফিত কিমান পৰিমাণে কফি দিছে তাৰ ওপৰত ভিত্তি কৰি দিনে চাৰি-পাঁচ কাপতকৈ বেছি কফি নোখোৱাই ভাল ।
প্রয়োজনৰ অতিৰিক্ত কফি খালে কি কি সমস্যা হ’ব পাৰে ?
১) অধিক কফি খালে তাৰ প্রতি আসক্তি বাঢ়ি থাকে । নির্দিষ্ট সময়ৰ ব্যৱধানত কফি নখপালে মেজাজ বেয়া হৈ থাকে । মানসিক অবসাদ হ’ব পাৰে ।
২) কেফিনে হৃদ্যন্ত্রতো প্রভাৱ পেলায় । ইয়াৰ প্রভাৱত হৃদস্পন্দন বাঢ়ি যায় । এনেকি ৰক্তচাপো নিয়ন্ত্রণত নাথাকে ।
৩) যিসকলে প্রচুৰ পৰিমাণে কফি খাৰ, তেওঁলোকৰ অনেকৰ টোপনি কমি যায় । ফলত মস্তিষ্কৰ কামো ব্যাহত হয় । টোপনিৰ নাটনিয়ে অন্যান্য আৰু বহু শাৰীৰিক সমস্যা মাতি আনে । সেয়ে সুস্থ থাকিবলৈ কফি খোৱাৰ পৰিমাণ নিয়ন্ত্রণত ৰখা প্রয়োজন ।