Missiles : ২৪ ঘণ্টাৰ ভিতৰতে ‘প্ৰতিশোধ’ ! উত্তৰ কোৰিয়াৰ প্ৰত্যুত্তৰত চাৰিটা ক্ষেপণাস্ত্র নিক্ষেপ দঃ কোৰিয়া-আমেৰিকাৰ

1664936356 missile

A surface-to-surface missile is fired into the sea off the east coast in this handout picture provided by the Defense Ministry, South Korea, October 5, 2022. South Korean Defense Ministry/Handout via REUTERS ATTENTION EDITORS - THIS IMAGE HAS BEEN SUPPLIED BY A THIRD PARTY.

এটাৰ বদলি চাৰি ! ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্র নিক্ষেপৰ ‘প্ৰতিশোধ’ ল’লে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । বুধবাৰে জাপান সাগৰত চাৰিটা ক্ষেপণাস্ত্র নিক্ষেপ কৰালে এই দুই দেশে । মঙলবাৰে পুৱা হঠাৎ জাপানৰ ওপৰেৰে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল কিম জং উনৰ দেশে । তাৰেই ‘প্ৰতিশোধ’ ল’বলৈ বুধবাৰে তেওঁলোকে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে বুলি জনাইছে দক্ষিণ কোৰিয়াৰ সেনাবাহিনীয়ে ।

সংবাদ সং‌স্থা সূত্রে খবৰ, দুটিকৈ ‘আর্মি টেক্টিকেল মিছাইল ছিষ্টেম’ ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । মঙলবাৰে উত্তৰ কোৰিয়াৰ আচৰণৰ কটাক্ষত সৰৱ হৈছিল এই দুই দেশ । উত্তৰ কোৰিয়াৰ পদক্ষেপ প্রৰোচনামূলক বুলি কটাক্ষ কৰিছিল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক ইওলে । নিন্দাত সৰৱ হৈছিল আমেৰিকাও ।

২৪ ঘণ্টাৰ ব্যৱধানত উত্তৰ কোৰিয়াক প্ৰত্যুত্তৰ দিবলৈ ক্ষেপণাস্ত্র নিক্ষেপ কৰি যিদৰে শক্তি প্রদর্শন কৰিলে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই, ফলত পুনৰ এই অঞ্চলত উত্তেজনা বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে ।

২০১৭ৰ পাছত প্রথমবাৰ জাপানৰ ওপৰেৰে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই । সাংবাদিক বৈঠকত জাপানৰ ‘চিফ কেবিনেট ছেক্রেটাৰী’ হিৰোকাজু মাতছুনোই জনাইছিল, মঙলবাৰে স্থানীয় সময় পুৱা সাত বাজি ৪৪ মিনিটত উত্তৰ-পূৱ জাপান অতিক্রম কৰি ক্ষেপণাস্ত্রটো প্রশান্ত মহাসাগৰ গৈ পৰে । দক্ষিণ কোৰিয়াৰ তৰফৰ পৰা জনোৱা হৈছিল, মজলীয়া জোখৰ বেলিষ্টিক ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই ।

এই ঘটনাক ধিক্কাৰ জনাইছে জাপানৰ প্রধানমন্ত্রী ফুমিও কিছিদাই । উত্তৰ কোৰিয়াৰ এই ধৰণৰ আচৰণক তেওঁ ‘আক্রমণাত্মক’ বুলি বর্ণনা কৰিছে । ক্ষেপণাস্ত্র নিক্ষেপৰ ফলত উত্তল জাপানথ ৰেল চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল । বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় ।

Exit mobile version